এনচিচিক গতিশীল কৰাৰ প্রয়াস মেজৰ জেনেৰেল ভূঞাৰ
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ আৰু দেশৰ প্রতিৰক্ষাৰ দ্বিতীয় শাৰীৰ বাহিনীৰ লগতে সর্ববৃহৎ যুৱ সংগঠন হিচাপে পৰিচিত ৰাষ্ট্রীয় শিক্ষার্থী বাহিনী (এনচিচি)ৰ কাম–কাজ, প্রশিক্ষণ আদি দেশত যোৱা মার্চ মাহৰ মাজভাগৰ পৰা চলি থকা ক’ভিডকেন্দ্রিক পৰিস্থিতিত বহুখিনি বাধাপ্রাপ্ত হৈছে৷ তৎসত্ত্বেও ১৫ আগষ্টত নতুন দিল্লীত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ সাগৰীয় উপকূলীয় অঞ্চল আন্তর্জাতিক সীমান্তৰে সংলগ্ণ ৰাজ্যসমূহত নতুনকৈ এক লাখ এন চি চি কেডেটক বাহিনীটোত ভর্তি কৰাবলৈ প্রতিৰক্ষা মন্ত্রালয়ক নির্দেশ দিছে৷ এই নির্দেশৰ পিছতেই দেশৰ আন মণ্ডলৰ দৰে এন চি চিৰ শ্বিলংস্থিত উত্তৰ–পূব মণ্ডল কার্যালয়টোত অতিৰিক্ত সঞ্চালকপ্রধান (এডিজি) হিচাপে কিছুদিন পূর্বে যোগদান কৰা অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাই ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ মাজত সীমাবদ্ধতা থকা সত্ত্বেও এন চি চিক পুনৰ গতিশীল কৰি ন–ৰূপ দিয়াৰ প্রচেষ্টা আৰম্ভ কৰিছে৷
ভাৰতীয় সেনাত এজন দক্ষ, সাহসী আৰু নিষ্ঠাৱান বিষয়া হিচাপে সুনাম থকা মেজৰ জেনেৰেল অনন্ত ভূঞাই টেলিফোনৰে শ্বিলঙৰ পৰা জানিবলৈ দিয়া মতে ক’ভিডৰ বাবে শিক্ষানুষ্ঠানসমূহ পাঁচ মাহৰো অধিক দিন ধৰি বন্ধ থকাত এন চি চিৰো নিয়মীয়া কাম–কাজ, প্রশিক্ষণ আদি বহুখিনি বাধাপ্রাপ্ত হৈছে৷ তৎসত্ত্বেও ক’ভিড প্রট’কলৰ নিয়মসমূহ মানি শিক্ষানুষ্ঠানসমূহ খোলাৰ পিছতে এন চি চি কেডেটৰ ভর্তিকৰণ প্রক্রিয়া আৰম্ভ হ’ব৷ ইয়াৰ উপৰি স্বাধীনতা দিৱসত প্রধানমন্ত্রীয়ে কৰা ঘোষণা অনুসৰি আন্তঃৰাষ্ট্রীয় সীমান্তৰে আবৃত উত্তৰ–পূর্বাঞ্চলৰ সাতোখন ৰাজ্যত নতুনকৈ ১৮,৮০০জন ছাত্র–ছাত্রীক এন চি চিত কেডেট বা শিক্ষার্থী হিচাপে ভর্তি কৰোৱা হ’ব৷ ইয়াৰ বাবে অঞ্চলটোৰ আন্তঃৰাষ্ট্রীয় সীমান্তৱর্তী ৰাজ্যকেইখনত স্বীকৃতিপ্রাপ্ত ৪৭খন মহাবিদ্যালয় আৰু ৮০খন বিদ্যালয় বাছনি কৰা হৈছে৷ শিক্ষানুষ্ঠানসমূহ খুলিলেই বা তাৰ আগতেই অনলাইন প্রক্রিয়াৰে কেডেটৰ নামভর্তিকৰণ প্রক্রিয়া আৰম্ভ হ’ব৷
ইতিমধ্যে লকডাউন আৰু আনলকৰ মাজতেই নতুন দিল্লীৰ ফ্লেম কেৰিয়াৰ একাডেমীৰ সহযোগত ‘চি’ প্রমাণ–পত্র উত্তীর্ণ উত্তৰ–পূবৰ ১৫০জন নির্বাচিত কেডেটক দুটা বেটচত অনলাইনযোগে ষ্টাফ ছিলেকচন ব’ডৰ (এছএছবি) অধীনত চাকৰিৰ সাক্ষাৎকাৰত অৱতীর্ণ হোৱাৰ বাবে প্রশিক্ষণ প্রদান কৰা হৈছে৷ তেনেদৰে গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানৰ (আইআইই) সহযোগত বিভিন্ন শিক্ষানুষ্ঠানৰ ৬০জন এন চি চি বিষয়া আৰু ৩৪০জন কেডেটক অনলাইনৰে ১৫ দিনীয়াকৈ প্রশিক্ষণ দিয়া হৈছে৷ আনকি উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যত ৪০০জন কেডেটে ক’ভিড যুঁজাৰু হিচাপে স্বাস্থ্য বিভাগ আৰু প্রশাসনক সহযোগিতা আগবঢ়াই আহিছে৷ সমান্তৰালভাৱে হায়দৰাবাদৰ হার্ডফুলনেছ একাডেমীৰ সহযোগত অনলাইনযোগে ২৫০জন কেডেটক চাৰিদিনীয়া ধ্যান আৰু যোগৰ প্রশিক্ষণ দিয়া হৈছে৷ মেজৰ জেনেৰেল অনন্ত ভূঞাই জানিবলৈ দিয়া অনুসৰি ক’ভিডৰ বাবে অহা নৱেম্বৰ মাহ পর্যন্ত এন চি চিৰ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কম৷ আনকি ইয়াৰ বাবে ২০২১ চনৰ ২৬ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীত এন চি চি কেডেটৰ অংশগ্রহণ বা যাৱতীয় তৎপৰতা পূর্বৰ তুলনাত সীমিত কৰা হ’ব পাৰে৷