নুনমাটিৰ ব্যৱসায়িক প্রতিষ্ঠানত বিধ্বংসী অগ্ণিকাণ্ডঃ লক্ষাধিক টকাৰ সা–সম্পত্তি ভস্মীভূত
নিয়মীয়া বাৰ্তা ১৮ জুনঃ মহানগৰীৰ নুনমাটিত আজি পুৱাৰ ভাগত সংঘটিত এক অগ্ণিকাণ্ডত এখন ফার্মাচী ক্ষতিগ্রস্ত হয়৷ জানিব পৰা মতে আজি পুৱা প্রায় ৭ বজাত নুনমাটিস্থিত ‘ওজ মেডিকো’ নামৰ ফার্মাচীখনৰ ওপৰ মহলাৰ চিকিৎসকৰ কেবিনত প্রথমতে জুই লগা প্রত্যক্ষ কৰে পদপথত পাণ–তামোলৰ দোকান দিয়া এগৰাকী মহিলাই৷লগে লগে মহিলাগৰাকীয়ে স্থানীয় লোকক অৱগত কৰে৷ স্থানীয় লোকৰ তৎপৰতাত কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা এখন অগ্ণিনির্বাপক বাহিনীৰ গাডীয়ে ততালিকে এই জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷
অৱশ্যে অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্রণলৈ অহাৰ বাবে এলেকাটোৰ অন্যান্য দোকান–পোহাৰ ৰক্ষা পৰে৷ ইফালে ঘটনাস্থলীত উপস্থিত হোৱা নুনমাটি আৰক্ষীয়ে প্রাথমিক তদন্তত বৈদ্যুতিক শ্বট চার্কিটৰ ফলত এই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ কৰিছে৷ এই অগ্ণিকাণ্ডৰ ফলত চিকিৎসকৰ চেম্বাৰটোৰ চকী–মেজ, টেবুল, ঔষধ, ফার্মাচীখনৰ অন্যান্য প্রয়োজনীয় সামগ্রীকে ধৰি কেইবালাখ টকাৰ সম্পত্তি ক্ষতিগ্রস্ত হয় বুলি জানিবলৈ দিছে ফার্মাচীখনৰ গৰাকী ডুলু ডেকাই৷