নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ মহানগৰীৰ নুনমাটি আৰক্ষীয়ে আজি পাথৰকোৱেৰীৰ পৰা কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত এজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকজন ছাজন আলী (১৯) আৰু তেওঁ গুৱাহাটীৰ পাথৰকোৱেৰীৰ ভাৰাঘৰত বাস কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত যুৱকজনে কেইমাহমান পূর্বে পাথৰকোৱেৰীৰ পৰা এগৰাকী কিশোৰীক ফুচুলাই পলুৱাই নিয়ে৷ কিশোৰীগৰাকীক পলুৱাই লৈ যোৱা যুৱকজনে বিগত কেইমাহমান শ্বিলঙত আত্মগোপন কৰি আছিল৷ ঘটনা সন্দর্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে নুনমাটি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৫৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ দীর্ঘদিন ধৰি তদন্ত চলোৱাৰ পিছত আজি পাথৰকোৱেৰীৰ ভাৰাঘৰৰ পৰা যুৱকজনক নুনমাটি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আজি দুপৰীয়া প্রায় ১২ বজাত গ্রেপ্তাৰ কৰা যুৱকজনক আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে যুৱকজনক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ইপিনে, কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে সোধা–পোছাৰ অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়া বুলি জানিব পৰা গৈছে৷