ক’ৰোনাসৃষ্ট পৰিৱেশঃ মহানগৰীত নাই ঈদৰ উছাহ
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ ইছলাম ধর্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ পৱিত্র ঈদ–উজ জোহালৈ মাজত মাথোঁ দুটা দিন৷ ক’ৰোনা মহামাৰীসৃষ্ট পৰিৱেশৰ মাজতে সমগ্র দেশ তথা ৰাজ্যৰ ইছলাম ধর্মাৱলম্বী লোকসকলে ত্যাগৰ উৎসৱ পালনৰ বাবে সাজু হৈছে৷ গুৱাহাটী মহানগৰীতো ইছলাম ধর্মাৱলম্বী লোকসকলে ঈদ–উজ জোহাৰ বাবে সাজু হৈছে৷ কিন্তু ঈদলৈ মাজত মাথোঁ দুটা দিন থকাৰ সময়তো গুৱাহাটী মহানগৰীত নাই ঈদৰ উছাহ৷ ক’ৰোনা মহামাৰীৰ দ্রুত সংক্রমণত অন্যান্য ধর্মৰ লগতে মহানগৰীত বাস কৰা ইছলাম ধর্মাৱলম্বী লোকসকলো একপ্রকাৰ শংকিত হৈ পৰিছে৷ অধিকাংশ ইছলাম ধর্মাৱলম্বী লোকে উলহ–মালহেৰে ঈদ উদ্যাপন কৰাৰ বিপৰীতে কেৱল ধর্মীয় পৰম্পৰা ৰক্ষাৰ পোষকতা কৰিছে৷
পৱিত্র ঈদৰ সমূহীয়া নামাজ পঢ়াৰ বিপৰীতে মহানগৰীত বাস কৰা ইছলাম ধর্মাৱলম্বী লোকসকলে নিজ নিজ ঘৰতে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে প্রশাসনে বান্ধি দিয়া ক’ভিড প্রট’কল অনুসৰি যোৱা বছৰৰ দৰে এইবেলিও ঈদ উদ্যাপন কৰিবলৈ সাজু হৈছে৷
ইপিনে, ঈদৰ বজাৰতো নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ ফাঁচীবজাৰ, লাখটকীয়াকে ধৰি বিভিন্ন স্থানত থকা শ্বপিং মলতো এইবাৰ গ্রাহকৰ উপস্থিতি সেৰেঙা দেখা গৈছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ বাবে এইবাৰ ঈদৰ বজাৰ কৰিবলৈ অন্যান্য জিলাৰ পৰা গ্রাহকৰ আগমন হোৱা নাই৷ ঈদৰ দিনা কোনো লোকে যাতেপ্রশাসনৰ নির্দেশনা উলংঘা নকৰে, তাৰ বাবে আঠগাঁও কবৰস্থান কমিটীৰ সম্পাদক মহম্মদ মুর্তাজাই ইছলাম ধর্মাৱলম্বী লোকসকলক আহ্বান জনোৱাৰ লগতে ৰাজ্যবাসীলৈ পৱিত্র ঈদ–উজ জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷