নৱেম্বৰত বিমানবন্দৰৰ দায়িত্ব ল’ব আদানী গ্রুপে
নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ দেশৰ লাভজনকভাৱে চলি থকা ছয়টা বিমানবন্দৰ পুনৰ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানক গতাই দিয়াৰ প্রস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত ১৯ আগষ্টত কেন্দ্রীয় কেবিনেটে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ, ৰাজস্থানৰ জয়পুৰ আৰু কেৰালাৰ তিৰুনন্তপুৰম বিমানবন্দৰক ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) আঁচনিৰ অধীনত আদানী গ্রুপক পঞ্চাশ বছৰৰ বাবে লীজত দিয়ে৷ এই লৈ দেশজুৰি বিৰোধী দল–সংগঠন, ট্রেড ইউনিয়নসমূহে ব্যাপক প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পুনৰ দেশৰ ছয়টা প্রধান বিমানবন্দৰ ব্যক্তিগতকৰণৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছিল৷ বিমানবন্দৰ ছয়টা হ’ল– তামিলনাডুৰ ট্রিচি, উত্তৰ প্রদেশৰ বাৰাণসী, পঞ্জাবৰ অমৃতসৰ, ওড়িশাৰ ভুবনেশ্বৰ, মধ্য প্রদেশৰ ইন্দোৰ আৰু ছত্তিশগড়ৰ ৰায়পুৰ৷ যোৱা ১৯ আগষ্টত ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ কার্যবাহী সঞ্চালকৰ (বাণিজ্য) হৈ উপ–মহাপ্রবন্ধকে প্রাধিকৰণৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সকললৈ প্রেৰণ কৰা এক পত্রত (পত্র নং ১১০৪১/৪১/২০০ কমার্চিয়েল/২২৩) বিষয়টো পোহৰলৈ আহিছে৷ পত্রত আগন্তুক সময়ত বিমানবন্দৰকেইটাৰ আন্তর্জাতিক নিবিদা আৰু এই সন্দর্ভত যোৱা ১৫ জুনতে প্রাধিকৰণৰ অধ্যক্ষই পিপিপি মডেল তথা আঁচনিত অনুমোদন জনোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে কেন্দ্রীয় কেবিনেটে গুৱাহাটী, জয়পুৰ আৰু তিৰুনন্তপুৰম বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব আদানী গ্রুপক অর্পণ কৰাৰ পিছত অহা নৱেম্বৰ মাহত আদানী গ্রুপে বিমানবন্দৰ কেইটাৰ দায়িত্ব চমজি ল’ব বুলি জানিব পৰা গৈছে৷