৩১ মার্চত অভিলেখসংখ্যক ২.২৬ কোটি টকা সংগ্রহ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে ৩১ মার্চত সামৰণি পৰা ২০২০–২১ বিত্তীয়বর্ষত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ২০৫,১৪,৯৯,৬৭৮ টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷
বিগত বর্ষত ক’ভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহণ খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে৷ কিয়নো ক’ভিডৰ বাবে ২০২০–২১ বর্ষৰ প্রথম ছটা মাহত পৰিবহণ খণ্ডটোৰ পৰিকাঠামো প্রায় ভাঙি পৰিছিল৷ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰা অনুসৰি কার্যালয়ৰ যান–বাহন পৰিদর্শক আৰু সমূহ কর্মচাৰীৰ সমূহীয়া প্রচেষ্টাত ক’ভিডৰ প্রত্যাহ্বান নেওচি কাম কৰা বাবে ২০৫ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পৰা গৈছে৷ তেনেদৰে কার্যালয়ৰ সকলো কাম–কাজ কম্পিউটাৰজাইড কৰা, যাৱতীয় কৰ আদায় নিদিলে যান–বাহনৰ মালিকীস্বত্ব হস্তান্তৰ নকৰা, সক্ষমতাৰ প্রমাণ–পত্র বা ফিটনেছ নিদিয়া, এন’চি প্রদান নকৰাকে ধৰি ৰাজহ ফাঁকিৰ সুৰুঙা ৰোধ কৰি কাম–কাজত স্বচ্ছতা অনাৰ ফলত ৰাজহ সংগ্রহ আশা কৰা ধৰণে হৈছে৷
যান–বাহনৰ গৰাকীসকলে বকেয়া কৰ আদায় দিয়া বাবে কেৱল মার্চ মাহত অভিলেখ পৰিমাণৰ ৩১,০৩,৩০,৯০৪ টকাৰ ৰাজহ সংগ্রহ হৈছে৷ আনকি বিত্তীয় বর্ষৰ সামৰণিৰ দিনা অর্থাৎ ৩১ মার্চৰ দিনটোত ২,২৬,১১,০৩৪ টকাৰ ৰাজহ সংগ্রহ হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিছে৷