নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনত দেহ ব্যৱসায়ঃ পাণবজাৰৰ মিনার্ভা হোটেলৰ মেনেজাৰসহ ধৃত যুৱতী

 নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  অনলাইনত দেহ ব্যৱসায় চলোৱা চক্রটোৰ বিৰুদ্ধে মহানগৰ আৰক্ষী অপৰাধ শাখাই অভিযান অব্যাহত ৰাখিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুন্দৰী যুৱতীৰ ফটো প্রকাশ কৰি দেহ ব্যৱসায়ী চক্রটোৱে গুৱাহাটীৰ বিলাসী হোটেলে হোটেলে দীর্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ টুইটাৰত দেহ ব্যৱসায় চক্রটোৱে ফোন নম্বৰ আৰু সুন্দৰী যুৱতীৰ ফটো প্রকাশ কৰাৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

আৰক্ষী সঞ্চালকপ্রধানৰ নির্দেশমর্মে মহানগৰ আৰক্ষী অপৰাধ শাখাই অনলাইন দেহ ব্যৱসায় চলোৱা চক্রটোৰ বিৰুদ্ধে অভিযান চলায়৷ অপৰাধ শাখাৰ অভিযানত পাণবজাৰৰ মিনার্ভা নামৰ বিলাসী হোটেলখনৰ মেনেজাৰক গ্রেপ্তাৰ কৰে৷ অপৰাধ শাখাৰ অনুসন্ধানত পাণবজাৰৰ মিনার্ভা হোটেলৰ মেনেজাৰ এই অনলাইন ছেক্স ৰেকটোৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছতে নয়নমণিক গ্রেপ্তাৰ কৰে৷ নয়নমণিৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা পানীখাইতীত অভিযান চলাই এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷

অপৰাধ শাখাৰ অভিযানকাৰী দলটোৱে যুৱতীগৰাকীৰ সৈতে এজন যুৱককো আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ অপৰাধ শাখাৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি বহিঃৰাজ্যৰ পৰা ছ’চিয়েল মিডিয়া আৰু অনলাইনৰ জৰিয়তে নিয়ন্ত্রণ কৰি আহিছে৷ তদন্তৰ খাটিৰত আৰক্ষীয়ে তথ্য প্রকাশ কৰা নাই যদিও গুৱাহাটীৰ বহু বিলাসী হোটেলত এই চক্রটোৱে দীর্ঘদিন ধৰি অনলাইনৰ জৰিয়তে দেহ ব্যৱসায় চলাই আহিছে৷

You might also like