নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুঘাট নিষিদ্ধ কৰাৰ আহ্বান ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডুঘাটত গা ধুবলৈ গৈ কালি সন্ধানহীন হোৱা ছাত্র দ্বীপ সৰকাৰৰ আজিও সন্ধান নোলাল৷ সোমবাৰে পুৱাৰে পৰা সন্ধিয়া পর্যন্ত নদী আৰক্ষীয়ে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান চলায় যদিও ছাত্রজনৰ সন্ধান উলিয়াব পৰা নাই৷ সন্ধিয়া আন্ধাৰ নামি অহাৰ বাবে আৰক্ষীয়ে উদ্ধাৰ অভিযান সামৰিব লগা হয়৷ টিউচনৰ পৰা ওলাই আহি পাণ্ডুঘাটত গা ধুবলৈ গৈ পানীত ডুব যোৱা তিনিজন ছাত্রৰ মৃতদেহ আৰক্ষীয়ে কালি উদ্ধাৰ কৰাৰ পিছৰে পৰা সমগ্র মালিগাঁও অঞ্চলক এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷

পাণ্ডুঘাটত সোমবাৰে পুৱাৰে পৰা শ শ লোকে ভিৰ কৰি আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযানত সহযোগ কৰা পৰিলক্ষিত হয়৷ ইপিনে পাণ্ডুঘাটত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃত ছাত্রকেইজনৰ পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষী প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷ এই ঘটনাক দুর্ভাগ্যজনক আখ্যা দি বিজেপিৰ সভাপতিগৰাকীয়ে প্রয়োজনত উৎসৱ–পার্বণৰ বাহিৰে পাণ্ডুঘাট নিষিদ্ধ কৰাৰ পোষকতা কৰি জিলা প্রশাসনক যাৱতীয় ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷

একেদৰে স্থানীয় লোকে এই ঘটনাৰ বাবে গভীৰ উদ্বেগ প্রকাশ কৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো শিক্ষার্থী তথা ল’ৰা–ছোৱালীৰ পৰিয়ালক অধিক সতর্ক হ’বলৈ আহ্বান জনায়৷

আজি পুৱা আঠ বজাৰ পৰা পুনৰ ব্রহ্মপুত্রৰ বুকুত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱানে অভিযান চলাব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া কথা এয়ে যে ছাত্রকেইজনে গা ধোৱাৰ পূর্বে পাণ্ডুঘাটত উপস্থিত হৈ কৰা এটা ভিডিঅ’ ক্লিপ আৰক্ষীয়ে সংগ্রহ কৰি অভিযান তীব্রতৰ কৰি তুলিছে৷

উল্লেখ্য যে কালি পাণ্ডুঘাটত গা ধুবলৈ গৈ আনন্দ নগৰৰ অবিনাশ দাস, দয়াল শ্বেইখ, কামাখ্যা কলনীৰ জিৎ দাস আৰু দ্বীপ সৰকাৰ নামৰ দশম শ্রেণীৰ চাৰিজন ছাত্র সন্ধানহীন হৈছিল ইয়াৰে তিনিজনৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যদিও দ্বীপ সৰকাৰৰ আজিও সন্ধান ওলোৱা নাই৷

You might also like