নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটৰকুছিৰ পাহাৰত মুখ্য সচিবৰ সজাগতা

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পর্যায়ৰ অভিযানত ভোটকেন্দ্রৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্রতিষেধক প্রদানৰ ব্যৱস্থা লোৱা হৈছে৷ মঙলবাৰে দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নিৰীক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্রতিষেধক ল’বলৈ দ্বিধাগ্রস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্র বিষয়া (ভাৰপ্রাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকর্মীৰ সৈতে পাহাৰত বাস কৰা কেইবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্রতিষেধক প্রদান কৰোৱায়৷

হেঙেৰাবাৰী ক’ভিড প্রতিষেধক কেন্দ্রৰ কাম–কাজ নিৰীক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেইবাখনো দোকানত সোমাই কর্মচাৰীসকলৰ ক’ভিড প্রতিষেধক লোৱাৰ বিষয়ে সোধ–পোছ কৰাৰ উপৰি অঞ্চলটোৰ ঘৰত গৈ ২২গৰাকী পুৰুষ–মহিলাক প্রথম পালি আৰু ২৪গৰাকীক দ্বিতীয় পালি প্রতিষেধক প্রদানৰ ব্যৱস্থা গ্রহণ কৰে৷ অনুৰূপ ধৰণে, জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্রশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্র বৰদলৈ, সোণাপুৰৰ চক্র বিষয়া (সংলগ্ণ) হিমাদ্রি বৰা আৰু স্বাস্থ্যকর্মীৰ সৈতে সোণাপুৰৰ ভডাগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্রতিষেধক প্রদানৰ ব্যৱস্থা গ্রহণ কৰে৷ সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গডল আদি স্থানত, ড০ ধ্রুৱজ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনী আৰু চাৰিওটা ৰাজহ চক্রত সংশ্লিষ্ট চক্র বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কার্যসূচীৰ তদাৰক কৰে৷

You might also like