হাতী লৈ ম’হ খেদাৰ চেষ্টা পবিতৰাৰ বনকর্মীৰ
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ বনৰীয়া ম’হৰ আক্রমণত এজন লোকৰ মৃত্যু হোৱাৰ পিছতহে গা লৰিল বন বিভাগৰ৷ জানিব পৰা মতে, কালি পশ্চিম মায়ঙত ম’হৰ আক্রমণৰ ঘটনাৰ পিছত আজি সন্ধিয়া পবিতৰা অভয়াৰণ্য কর্তৃপক্ষই তাণ্ডৱ চলোৱা ম’হটো খেদিবলৈ তৎপৰ হৈ পৰে৷ বাতৰি লিখা পৰলৈকে বিভাগীয় লোকে হাতী ব্যৱহাৰ কৰি ম’হটো খেদি পঠিওৱাৰ চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷
উল্লেখ্য যে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া ম’হে পশ্চিম মায়ঙৰ নলনি, ধিপুজী, ঘোঁৰামাৰা এলেকাত বিগত প্রায় এপষেক ধৰি উপদ্রৱ চলাই আছে৷ বিশেষকৈ এটা গোনা ম’হে অঞ্চলটোৰ কৃষকসকলে বড়োধানৰ বাবে সিঁচা কঠীয়া খাই তহিলং কৰাৰ উপৰি বহু কঠীয়া নষ্ট কৰিছে৷ আনকি বহু পকা শালিধানৰো ক্ষতি কৰিছে ম’হে৷ ম’হটো খেদিবলৈ স্থানীয় ৰাইজে বহুবাৰ সংশ্লিষ্ট বিভাগক খাটনি ধৰিছিল৷ কিন্তু কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাছিল বিভাগীয় লোকে৷
যাৰ ফলত কালি দিন–দুপৰতে এজন শ্রমিকক আক্রমণ কৰাৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ৷ তাৰ পিছতে ৰাইজে তীব্র ক্ষোভ উজাৰে বন বিভাগৰ বিৰুদ্ধে৷ আজি বন বিভাগৰ সঁজাতী দল এটাই হাতী লৈ খেদাৰ চেষ্টা চলায়৷ কিন্তু বাতৰি লিখা পৰলৈকে ব্যর্থ হৈছে ম’হটো খেদি পঠিওৱাত৷ ইফালে, আক্রমণাত্মক অকলশৰীয়া গোনা ম’হটোক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী৷ যিকোনো প্রকাৰে ম’হটোক আঁতৰাই পঠিওৱাৰ কামনা কৰিছে স্থানীয় ৰাইজে৷