নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদ্রী প্রসাদৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে বিস্ফোৰক তথ্যঃ চোৰাং সোণ সৰবৰাহৰ ধন সোমাইছিল উচ্চপদস্থ আৰক্ষী বিষয়াৰ জেপত

নিয়মীয়া বাৰ্তা, ২০ জুনঃ চোৰাং সোণ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ভৰলুমুখ আৰক্ষীৰ জিম্মাত থকা জি আৰ পি উপ–পৰিদর্শক বদ্রী প্রসাদ বাৰোৱাতীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ উচ্চপদস্থ আৰক্ষী বিষয়াৰে মিতিৰালি কৰি উপ–পৰিদর্শক বদ্রী প্রসাদে চোৰাং সোণৰ বেহা চলাই আহিছিল৷ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা চোৰাং সোণ সৰবৰাহ কৰা ব্যৱসায়ীৰ বুজাবুজি কৰি গুৱাহাটীৰ মাজেৰে ৰে’লেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহ কৰাৰ সুবিধা কৰি দিছিল বদ্রী প্রসাদে৷ জি আৰ পিৰ উপ–পৰিদর্শক বদ্রী প্রসাদৰ ছত্রছায়াত চোৰাং সোণ ব্যৱসায়ীয়ে ৰে’লযোগে বহিঃৰাজ্যলৈ অবাধ সোণৰ সৰবৰাহ কৰিছিল৷ ইয়াৰ বিনিময়ত বদ্রী প্রসাদে চোৰাং বেপাৰীৰ পৰা বেংক একাউণ্টৰ জৰিয়তে ধন সংগ্রহ কৰিছিল৷

ইয়াৰ উপৰি মাজে–সময়ে সোণৰ বিস্কুট উপহাৰ লৈছিল৷ এই চোৰাং সোণ নগাঁৱত বিকনাৰী জুৱেলাৰীত বিক্রী কৰিছিল৷ চোৰাং সোণ ব্যৱসায়ী চক্রৰ পৰা জি আৰ পিৰ হোমগার্ড, কনিষ্টবলৰ বেংক একাউণ্টৰ জৰিয়তে ধন আদায় লৈছিল৷ ইতিমধ্যে ভৰলুমুখ আৰক্ষীয়ে জি আৰ পিৰ কামেশ্বৰ ৰাভা নামৰ কনিষ্টবলগৰাকীৰ সাক্ষ্য আদালতত গ্রহণ কৰিছে৷ বদ্রী প্রসাদে চোৰাং সোণ সৰবৰাহকাৰীৰ পৰা লাভ কৰা ধন নিয়মীয়াকৈ উচ্চপদস্থ আৰক্ষীক আদায় দি অহাৰ কথাও স্বীকাৰ কৰিছে৷ চোৰাং সোণ সৰবৰাহৰ অপৰাধত গ্রেপ্তাৰ হোৱা বদ্রী প্রসাদে উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম লোৱাত এতিয়া তদন্ত প্রক্রিয়া কোন দিশে আগবাঢ়ে তাক লৈও ব্যাপক চর্চা চলিছে৷

You might also like