নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ সাপ্তাহিক বজাৰ বন্ধ কৰিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ১৭ মেঃ সমগ্র ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰোনা ভাইৰাছে৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপৰ লগতে বিভিন্ন নীতি–নিয়ম গ্রহণ কৰাৰ পিছতো একাংশ অসচেতন লোকৰ বাবে গণ সংক্রমণ বৃদ্ধি পাইছে৷

মহানগৰীৰ বিভিন্ন প্রান্তৰ লগতে বোন্দা, পানীখাইতী, চন্দ্রপুৰ আৰু পশ্চিম মায়ং অঞ্চলতো ক’ৰোনাৰ আক্রমণৰ সংখ্যা বৃদ্ধি হোৱাৰ উপৰি কেইবাজনো লোকে মৃত্যুক সাবটিবলগীয়াত পৰিছে৷ যাৰ বাবে ৰাজ্য চৰকাৰে নতুন নির্দেশনাৰ জৰিয়তে সাপ্তাহিক বজাৰ–হাটসমূহ বন্ধ কৰাৰ নির্দেশনা জাৰি কৰিছে৷

ইয়াৰ পিছতো একাংশ ৰাইজ সচেতন হোৱা নাই৷ যাৰ বাবে চন্দ্রপুৰৰ বেংক তিনিআলি আৰু গোৱর্ধন বজাৰত আজি পুৱাৰে পৰাই ক্রেতা আৰু বিক্রেতাৰ ভিৰ পৰিলক্ষিত হয়৷ ক’ভিড প্রট’কলৰ নিয়ম ভংগ কৰি ক্রেতা–বিক্রেতাই বজাৰ দুখনত শাক–পাচলি বয়বস্তু ক্রয় কৰা কৰে৷

জানিব পৰা মতে চন্দ্রপুৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা চন্দ্রপুৰ হাইস্কুল তিনিআলি আৰু গোৱর্ধন বজাৰ সাপ্তাহিক বজাৰ দুখন বন্ধ কৰি দিছিল৷ কিন্তু একাংশ অসচেতন ব্যৱসায়ীয়ে গোৱর্ধন আৰু চন্দ্রপুৰ বেংক তিনিআলিত শাক–পাচলি বিক্রী কৰি থকাত বহু লোকৰ সমাগম ঘটে৷ এনেদৰে অবৈধভাৱে সাপ্তাহিক বজাৰ তথা ক’ভিড প্রট’কলৰ নিয়ম ভংগ কৰি বজাৰ বহাৰ কথা জানিব পাৰি প্রাগজ্যোতিষপুৰ আৰক্ষীয়ে বজাৰকেইখনত উপস্থিত হৈ বজাৰ দুখন বন্ধ কৰি দিয়ে৷

You might also like