নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্রাউণ্ডবিৰোধীক আৰক্ষীৰ লাঠীচালনা

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ গুৱাহাটী পৌৰ নিগমৰ জাবৰ কঢ়িওৱা বাহনসমূহ চন্দ্রপুৰত প্রৱেশ কৰাৰ লগে লগে আজি চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শতাধিক লোকে তাঁতিমাৰা নামঘৰত পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীয়ে হাতে হাতে গণতন্ত্র ৰক্ষা কৰক,Save Democracy, চন্দ্রপুৰত আৱর্জনা দমোৱা কাম বন্ধ কৰক, পৰিৱেশ ৰক্ষা কৰক, আমাৰ সেউজীয়া ৰক্ষা কৰক, আমাৰ ভৱিষ্যৎ ধ্বংস নকৰিব, চন্দ্রপুৰক ৰক্ষা কৰক আদি লিখা থকা প্লেকার্ড প্রদর্শন কৰি গাডীসমূহত নিয়া আৱর্জনা চন্দ্রপুৰত নেপেলাবলৈ তাত উপস্থিত থকা আৰক্ষী বিষয়া নীলোৎপল ডেকাক অনুৰোধ জনায়৷ কিন্তু পৰৱর্তী সময়ত মধ্য আৰক্ষী জিলাৰ সহকাৰী আয়ুক্ত পল্লৱ তামুলী উপস্থিত হৈ প্রতিবাদকাৰীসকলক্ ছত্রভংগ দিয়ে৷

ঘটনাস্থলীত স্থানীয় ৰাইজক পুলিচে লাঠীচালনা কৰে ফলত স্থানীয় যুৱক ৰূপম কলিতা গুৰুতৰভাৱে আহত হয়৷ পৰৱর্তী সময়ত ১৮গৰাকী প্রতিবাদকাৰীক নুনমাটী থানালৈ অনা হয়৷ ইয়াৰ পিছত স্থানীয় মহিলাসকলে প্রাগজ্যোতিষপুৰ থানা ঘেৰাও কৰি গণতান্ত্রিক প্রতিবাদকাৰীসকলক্ বিনাচর্তে মুকলি কৰি দিবলৈ আৰু চন্দ্রপুৰলৈ জাবৰ অনা কার্য অতিশীঘ্রে বন্ধ কৰিবলৈ দাবী জনায়৷

ইপিনে এক প্রেছ বিবৃতিযোগে চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে গণতান্ত্রিক আন্দোলনক ভেঙুচালি কৰি হিমন্ত বিশ্ব নেতৃত্বাধীন গৃহ বিভাগে গণতান্ত্রিক আন্দোলনকাৰীক জধে–মধে প্রহাৰ কৰি আহত কৰা কার্য .তীব্র গৰিহণা যোগ্য৷ গুৱাহাটীৰ আৱর্জনাৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ কাম বন্ধ কৰিবলৈ দাবী জনায় নেতাদ্বয়ে৷ ইয়াৰ বিৰুদ্ধে গণতান্ত্রিক প্রতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে৷ কাইলৈ পুনৰ চন্দ্রপুৰ বেংক তিনিআলিত সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বায়ক নিতুল কলিতাই জানিবলৈ দিয়ে৷

You might also like