মাটাইখাৰ–মিলনপুৰ কণ্টেইনমেণ্ট জ’নত আৰক্ষীৰ পহৰা
নিয়মীয়া বাৰ্তা, ২৬ মে’: অসম–মেঘালয় সীমান্তৰ মাটাইখাৰ–মিলনপুৰ গাঁৱকে ধৰি কাষৰীয়া কটালপাৰা, বিলপাৰ আৰু পাটগাঁৱত শিশু, মহিলাকে ধৰি ৪৫জনকৈ লোক আজিপর্যন্ত ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত মিলনপুৰত সর্বাধিক ৩৬জন লোক আক্রান্ত হোৱাৰ বিপৰীতে কটালপাৰাত ৩জন, পাটগাঁৱত ৫জন আৰু বিলপাৰত এজন লোক আক্রান্ত হৈছে৷ ইতিমধ্যে মিলনপুৰত ২৮জন লোক ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত ২১ মে’ত স্থানীয় পলাশবাৰী ৰাজহ চক্রৰ ফালৰ পৰা মিলনপুৰ গাঁৱক কণ্টেইনমেণ্ট জ’ন বা অৱৰুদ্ধ ক্ষেত্র হিচাপে ঘোষণা কৰা হয়৷ এই সন্দর্ভত অঞ্চলটোৰ প্রাণেশ্বৰ ৰাভা, ভবেন মেধি, প্রমোদ দাস, ৰাজেন ৰাভাই জানিবলৈ দিয়া মতে, গাঁওখনত ক’ভিডৰ গণসংক্রমণ হোৱাৰ সন্দেহ প্রকাশ কৰি সকলো বাসিন্দাৰ ৰেপিড টেষ্টৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনক দাবী জনোৱা হৈছিল৷
মাটাইখাৰ প্রাথমিক স্বাস্থ্য কেন্দ্রত ক’ভিড পৰীক্ষা কার্য আৰম্ভ কৰিছে৷ পৰীক্ষাৰ সময়ত ৪৫জন লোকৰ দেহত ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰে পাঁচজনক মির্জাত থকা পতঞ্জলি ক’ভিড কেয়াৰ কেন্দ্রত ভর্তি কৰোৱাৰ বিপৰীতে বাকী ৩০জনক হোম আইছ’লেচনলৈ প্রেৰণ কৰা হয়৷ ইফালে, নিজৰ ঘৰত আছুতীয়াকৈ থকাৰ ব্যৱস্থা বা সুবিধা নথকা বাকী আক্রান্ত লোকসকলক ২১ মে’ৰ পৰা অঞ্চলটোৰ ৰাইজৰ উদ্যোগত মাটাইখাৰ–মিলনপুৰ প্রাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰি থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে৷
শিবিৰত ৩গৰাকী যুৱতীকে ধৰি মুঠ ১০জনে আশ্রয়গ্রহণ কৰিছে৷ ইতিমধ্যে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ নির্দেশ মর্মে আজি কণ্টেইনমেণ্ট জ’নত আবদ্ধ হৈ থকা প্রায় ৬০টা পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰা হয়৷ আনহাতে, ২৪ মে’ত পলাশবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যেন্দ্র সিং হাজাৰীয়ে কণ্টেইনমেণ্ট জ’ন পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যাতে কোনো অকর্তৃত্বশীল লোক ওলোৱা–সোমোৱা কৰিব নোৱাৰে, তাৰবাবে আৰক্ষী নিয়োগ কৰি পহৰাৰ ব্যৱস্থা কৰিছে৷