নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত যুৱতী নির্যাতনৰ অভিযোগত ব্যৱসায়ী দীপক বৰুৱাক আৰক্ষীৰ জেৰা

নিয়মীয়া বাৰ্তা ২৬ জুনঃ  ক্রীড়াৰ প্রশিক্ষণ আৰু আর্থিক সহায়ৰ প্রলোভনেৰে ছয়গৰাকী যুৱতীক ৰাণীলৈ আনি নির্যাতন চলোৱা বহু বিতর্কিত ব্যৱসায়ী দীপক বৰুৱাক আজি পলাশবাৰী আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ নগাঁও, টিহু, হাউলী, লখৰা আৰু ধুবুৰীৰ পৰা ছয়গৰাকী যুৱতীক ক্রীড়াৰ প্রশিক্ষণ দিবলৈ আনি দীপক বৰুৱাই নিজৰ কার্যালয়ত সুৰাপান আৰু চিগাৰেট সেৱন কৰিবলৈ বাধ্য কৰোৱাইছিল৷ তদুপৰি, বহু বিতর্কিত ব্যৱসায়ী দীপকে যুৱতীকেইগৰাকীক নির্যাতন চলোৱাৰ লগতে অশ্লীল ভাষাৰে গালি–গালাজ পাৰিছিল৷ এগৰাকী যুৱতীয়ে এই দৃশ্য নিজৰ ম’বাইলত আবদ্ধ কৰিছিল৷ এই কথা জানিব পাৰি দীপক বৰুৱাই যুৱতীকেইগৰাকীৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি ৰাণী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আৰক্ষীৰ তদন্তত দীপক বৰুৱাৰ কু–কর্ম পোহৰলৈ অহাত এক মোটা অংকৰ ধনৰ বিনিময়ত যুৱতীকেইগৰাকীৰ ম’বাইলৰ পৰা ভিডি’–ডি’ ডিলিট কৰে৷ ‘নিয়মীয়া বার্তা’ কাকতত ২৩ জুনত দীপক বৰুৱাৰ কু–কাণ্ডৰ বাতৰি তথ্যসহকাৰে প্রকাশ পাইছিল৷ এই বাতৰিৰ আলম লৈ আজি পলাশবাৰী থানাত হিউমেন ৰাইটছ এণ্ড এণ্টি ক’ৰাপচনৰ ৰাষ্ট্রীয় সভানেত্রী প্রতিমা বৰুৱা আৰু জিলা সভানেত্রী অদিতি কলিতাই এজাহাৰ দাখিল কৰে৷ এজাহাৰ দাখিল কৰাৰ পিছতে পলাশবাৰী থানাৰ আৰক্ষীয়ে দীপক বৰুৱাক আটক কৰি ঘটনা সন্দর্ভত সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like