নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাপ্য আদায়ৰ দাবী ঠিকাদাৰ সন্থাৰ

জিএমচিৰ ১৩৭ কোটি টকাৰ নলা নিষ্কাশনৰ কাম বাতিল

নিয়মীয়া বাৰ্তা ১৮ জুনঃ গুৱাহাটীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে আবণ্টিত ১৩৭ কোটিৰ ঠিকা যোৱা ১২ জুনত এক নির্দেশযোগে বাতিল কৰে পৌৰ আয়ুক্তই৷ পৌৰ নিগমে আবণ্টন দিয়া ৭১টা ঠিকা বাতিল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে পৌৰ নিগম ঠিকাদাৰ সন্থাই৷ আজি এখন সংবাদ মেলত ঠিকাদাৰ সন্থাৰ সভাপতি অশোক কুমাৰ ৰায়মেধিয়ে কয় যে পৌৰ নিগম কর্তৃপক্ষই নীতিবিৰুদ্ধভাৱে এই ঠিকা বাতিল কৰিছে৷ গুৱাহাটীৰ কৃত্রিম বান ৰোধৰ বাবে নলা নিষ্কাশনৰ দায়িত্ব বহিঃৰাজ্যৰ প্রতিষ্ঠানক দিয়াত কোনো আপত্তি নাই৷ মহানগৰীৰ এগৰাকী বাসিন্দা হিচাপে এয়া পৌৰ নিগমৰ এক আদৰণীয় পদক্ষেপ৷ কিন্তু যোৱা ১১ মে’ত ৱর্ক ৱর্ডাৰ দি ১২ জুনত ঠিকাৰ কাম বাতিলৰ পৌৰ নিগমৰ সিদ্ধান্ত কোনো কাৰণতে যুক্তিসংগত নহয়৷

পৌৰ নিগম কর্তৃপক্ষই আবণ্টিত ঠিকা বাতিল কৰিলে যদিও ঠিকাদাৰসকলে বিগত এমাহ ধৰি নলা–নর্দমা নিষ্কাশন কৰি থকা কামৰ জোখ–মাখ নকৰিলে৷ ঠিকাদাৰসকলে কৰা কামৰ জোখ–মাখ নকৰাকৈ পৌৰ নিগম কর্তৃপক্ষই কেনেদৰে ঠিকা বাতিল কৰিলে বুলি প্রশ্ণ উত্থাপন কৰে৷ লগতে ঠিকাদাৰসকলে কৰা কামৰ ধন কেনেদৰে পৌৰ নিগম কর্তৃপক্ষই প্রদান কৰিব বুলিও প্রশ্ণ উত্থাপন কৰে৷

ইফালে, এই সংবাদ মেলতে নিগমৰ ঠিকাদাৰ জিতেন্দ্র শালৈয়ে কয় যে পৌৰ নিগমে নিবিদা প্রকাশ কৰি ৫৭৫টা নলা–নর্দমাৰ ঠিকা আবণ্টন দিছিল৷ পৌৰ নিগম কর্তৃপক্ষই নলা–নর্দমা নিষ্কাশনৰ বাবে প্রাক্কলন মূল্য নির্ধাৰণ কৰি নিবিদা প্রকাশ কৰিছিল৷ এইক্ষেত্রত ঠিকাদাৰসকলৰ কোনো দোষ নাই৷ নিগমে নিবিদা প্রকাশ কৰাত ঠিকাদাৰসকলে বৈধভাৱে কামৰ আবণ্টন লাভ কৰিছিল৷ কিন্তু হঠাৎ বাৰিষাৰ দোহাই পৌৰ নিগমে ঠিকা বাতিল কৰাত ঠিকাদাৰসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ পৌৰ নিগমৰ ঠিকাদাৰসকলৰ অধীনত প্রায় ৪ হাজাৰ পৰিয়ালে কাম কৰি আছে৷ এই পৰিয়ালসকলৰ কি হ’ব বুলি তেওঁ পৌৰ নিগমক প্রশ্ণ উত্থাপন কৰে৷ লগতে বিগত এমাহ ধৰি ঠিকাদাৰসকলে কৰা কামৰ প্রাপ্য পৌৰ নিগম কর্তৃপক্ষই কিদৰে আদায় দিব, সেয়া পৌৰ আয়ুক্তৰ সৈতে আলোচনা কৰি পৰৱর্তী সময়ত ঠিকাদাৰ সন্থাই সিদ্ধান্ত ল’ব বুলিও সংবাদ মেলত তেওঁ স্পষ্ট কৰি দিয়ে৷

You might also like