তৃতীয় পক্ষৰ সহযোগত পত্নী জীয়াৰীয়ে ৰডেৰে মৰিয়াই কৰিলে হত্যা
মহানগৰীৰ পূজাৰী হত্যাকাণ্ডৰ নতুন মোৰ
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ কালিবাৰীত সংঘটিত চাঞ্চল্যকৰ পূজাৰী হত্যাকাণ্ডই নতুন মোৰ লৈছে৷ আৰক্ষীয়ে এই হত্যাৰ অভিযোগত আজি গ্রেপ্তাৰ কৰিলে হত্যাৰ বলি হোৱা পূজাৰী নাৰায়ণ চক্রৱর্তীৰ পত্নী মৌচুমী চক্রৱর্তী আৰু বৰ জীয়াৰীক৷ আৰক্ষীৰ লগতে সচেতন মহলক হতচকিত কৰি তোলা এই হত্যাকাণ্ডত পত্নী আৰু বৰ জীয়াৰীয়ে তৃতীয় পক্ষৰ সহযোগত ৰডেৰে মৰিয়াই হত্যা কৰিছিল পূজাৰীজনক৷ উল্লেখ্য যে ১০ নৱেম্বৰত পল্টন বজাৰৰ কালিবাৰীৰ সঞ্জীৱ চৌধুৰী নামৰ ৰে’লৱেৰ এজন কর্মচাৰীৰ কোৱার্টাৰত উদ্ধাৰ হৈছিল পূজাৰী নাৰায়ণ চক্রৱর্তীৰ মৃতদেহ৷ কম্বলেৰে মেৰিয়াই নাৰায়ণ চক্রৱর্তীৰ মৃতদেহ মজিয়াত পেলাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে সৃষ্টি হৈছিল তুমুল চাঞ্চল্য৷
স্থানীয় মন্দিৰৰ পূজাৰী হিচাপে দীর্ঘদিন ৰে’লৱে কলনীৰ কোৱার্টাৰত পৰিয়ালৰ সৈতে বাস কৰি অহা নাৰায়ণ চক্রৱর্তীক কোনে হত্যা কৰি কাষৰে সঞ্জীৱ চৌধুৰীৰ কোৱার্টাৰত পেলাই থৈ গ’ল তাক লৈ সৃষ্টি হোৱা হুৱাদুৱাৰ মাজতে আৰক্ষীয়ে অভিযান চলাই ৫ দিনৰ ভিতৰতে মূল অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ষট্ পূজাৰ সময়ত সংঘটিত এই ঘটনা সন্দর্ভত প্রথমে সোধা–পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল চুবুৰীয়া পিতা–পুত্রক৷ কিন্তু এই দুয়োজন হত্যাকাণ্ডত জড়িত থকাৰ কোনো প্রমাণ আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰাত জেৰাৰ বাবে মাতি অনা হৈছিল পত্নী মৌচুমী চক্রৱর্তীক৷ যোৱা দুদিন ধৰি চলা জেৰাত নাৰায়ণ চক্রৱর্তীৰ পত্নীয়ে আৰক্ষীক এই হত্যাকাণ্ড সংঘটিত কৰাৰ স্বীকাৰোক্তি দিয়ে৷ উল্লেখ্য যে মৃত নাৰায়ণ চক্রৱর্তীৰ ঘৰ কোচবিহাৰত আৰু পত্নী মৌচুমী চক্রৱর্তীৰ ঘৰ অসম–বংগ সীমান্তৰ বক্সিৰহাটত৷
ইফালে, মৃত নাৰায়ণ চক্রৱর্তীৰ পত্নীয়ে এই হত্যাকাণ্ডৰ লগত তেওঁৰ বৰ জীয়াৰী জড়িত থকাৰ কথা স্বীকাৰ কৰিছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, পত্নী আৰু কন্যাৰ ওপৰত সঘনে অত্যাচাৰ চলাই থকা নাৰায়ণ চক্রৱর্তীয়ে আনকি পৰিয়াল পোহপালৰ বাবেও ধনৰ যোগান ধৰা নাছিল৷ ঘৰত থকা সময়ত প্রতিটো কথাক লৈ পত্নী আৰু বৰ জীয়াৰীক মাৰপিট কৰা নাৰায়ণ চক্রৱর্তীৰ উপস্থিতি প্রতিদিনেই অসহ্যকৰ হৈ পৰিছিল পত্নী মৌচুমী চক্রৱর্তীৰ বাবে৷ মাতৃৰ ওপৰত চলা এনে অত্যাচাৰ দীর্ঘসময়ৰ পৰা সহ্য কৰিব পৰা নাছিল বৰ জীয়াৰীয়ে৷ কার্যতঃ এনে পাৰিবাৰিক কন্দলৰ বাবেই তৃতীয় পক্ষৰ সহযোগত ৰডেৰে মৰিয়াই ১০ নৱেম্বৰৰ নিশা নাৰায়ণ চক্রৱর্তীক হত্যা কৰা হ’ল৷ মৌচুমী চক্রৱর্তীৰ সৈতে হত্যাকাণ্ডত আৰু কোন কোন লোক জড়িত হৈ আছিল সেই তথ্য এতিয়াও উদ্ধাৰ হোৱা নাই যদিও পত্নী মৌচুমী চক্রৱর্তীয়ে আৰক্ষীৰ আগত প্রকাশ কৰা মতে, ভাৰাতীয়া হত্যাকাৰীৰ জৰিয়তে সংঘটিত কৰিছিল এই কাণ্ড৷ নাৰায়ণ চক্রৱর্তীৰ মৃতদেহ উদ্ধাৰ হোৱা কোৱার্টাৰটো ব্যৱহাৰ কৰিছিল সঞ্জীৱ চৌধুৰীয়ে৷ পূর্বেও সঞ্জীৱ চৌধুৰী নথকা অৱস্থাত নাৰায়ণ চক্রৱর্তীয়ে উক্ত কোৱার্টাৰটোত নিশা কটাইছিল৷ হত্যাকাণ্ডৰ নিশাও সঞ্জীৱ চৌধুৰী কোৱার্টাৰত উপস্থিত নথকা হেতুকে নিশা উক্ত কোৱার্টাৰত কটাইছিল নাৰায়ণ চক্রৱর্তীয়ে৷ মুখ্যতঃ তাৰেই সুযোগ লৈ সংঘটিত হ’ল এই হত্যাকাণ্ড৷ ফৰেনছিকৰ প্রাথমিক প্রতিবেদন অনুসৰি ৰডেৰে উপর্যুপৰি প্রহাৰ কৰাৰ ফলতেই মৃত্যু হৈছিল পূজাৰী নাৰায়ণ চক্রৱর্তীৰ৷ ইফালে, আৰক্ষীয়ে মৃত নাৰায়ণ চক্রৱর্তীৰ বৰ জীয়াৰীকো আটক কৰি জুভেনাল জাষ্টিচ ব’ডত হাজিৰ কৰায়৷ কিশোৰীগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্যৰ ভিত্তিতেই এই হত্যাকাণ্ডৰ অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে আজি নাৰায়ণ চক্রৱর্তীৰ পত্নী মৌচুমী চক্রৱর্তীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তিত কৈছিল– হত্যাকাণ্ডত ময়েই নহয়, মোৰ জীয়াৰীও জড়িত৷ উক্ত স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে মৃত পূজাৰীৰ বৰ জীয়াৰীক আটক কৰে৷