কাৰাবন্দীৰ হাতৰ পৰশত প্রাণ পাই উঠিল বাঁহ–বেতৰ শিল্প
নিয়মীয়া বাৰ্তা ১ জুলাইঃ কাৰাগাৰৰ অন্ধ কুঠৰীৰ মাজতো জীৱনৰ সন্ধান বিচাৰি পাইছে একাংশ কয়দীয়ে৷ নিজৰ অতীতৰ ভুলৰ কথা পাহৰি বহু অপৰাধীয়ে এতিয়া বিচাৰিছে জীৱনৰ ছন্দ৷ আমি ক’বলৈ ওলাইছেছা কাৰাগাৰৰ অন্ধ কুঠৰীত থকা একাংশ সৃজনশীল কয়দীৰ কথা৷ জীৱনৰ বহু মূল্যৱান সময় জে’লৰ ভিতৰত থকাৰ মাজতে ৰাজ্যৰ ৩১খনকৈ কাৰাগাৰৰ একাংশ কয়দী এতিয়া ব্যস্ত বাঁহ–বেতৰ সামগ্রী নির্মাণত৷ ইতিমধ্যে বিভিন্ন জিলাৰ কাৰাগাৰত থকা প্রায় দুই শতাধিক কয়দীয়ে কাৰাগাৰৰ ভিতৰতে প্রস্তুত কৰি উলিয়াইছে বাঁহ– বেতৰ ফার্নিচাৰ, মূঢ়া, এল ই ডি বাল্ব, জৈৱিক সাৰকে ধৰি বিভিন্ন ধৰণৰ চকুত লগা সামগ্রী৷ইফালে এইসকল কয়দীয়ে প্রস্তুত কৰা বাঁহ–বেতৰ সামগ্রী বিক্রী কৰাৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে৷
ইতিমধ্যে কাৰাগাৰ কর্তৃপক্ষৰ সহযোগত মহানগৰীৰ খানাপাৰাত কয়দীয়ে প্রস্তুত কৰা সামগ্রীসমূহ বিক্রীৰ বাবে এখন বিপণী মুকলি কৰা হৈছে৷ প্রায় ৫ মাহ পূর্বে মুকলি হোৱা এই বজাৰত বাঢ়িছে ব্যাপক চাহিদা৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীৰ একাংশ লোকে খানাপাৰাৰ এই বিপণীখনৰ পৰা ক্রয় কৰিছে ঘৰত ব্যৱহূত সামগ্রী৷ এই বিক্রী হোৱা সামগ্রীসমূহৰ পৰা এটা অংশ উপার্জন কৰিছে একাংশ কয়দীয়ে৷
ইফালে, একাংশ কাৰাগাৰৰ কয়দীৰ মনোবল বৃদ্ধিৰ লগতে উপার্জনৰ এটা দিয়াৰ বাবে এই ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰা হৈছে বুলি মন্তব্য কৰে কেন্দ্রীয় কাৰাগাৰৰ মহাপৰিদর্শক বর্ণালী শর্মাই৷ লগতে অসমৰ প্রতিখন কাৰাগাৰক উজ্জীৱিত কৰিবলৈ ন ন পৰিকল্পনা হাতত লোৱা বুলি জানিবলৈ দিয়ে কেন্দ্রীয় কাৰাগাৰৰ মহাপৰিদর্শক বর্ণালী শর্মাই৷ ইতিমধ্যে চৰকাৰে সৃজন আঁচনিৰ জৰিয়তে কাৰাগাৰসমূহৰ বাবে বাজেটত ধার্য কৰিছে ২ কোটি ১৭ লাখ টকা৷ ইয়াৰ জৰিয়তে কাৰাগাৰসমূহক উজ্জীৱিত কৰাৰ লগতে কয়দীসকলৰ হস্তকলাৰ বাবে ব্যৱহূত সামগ্রী ক্রয় কৰিব কাৰাগাৰ কর্তৃপক্ষই৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ পৰিকল্পনা অনুসৰি উজ্জীৱিত হ’ব অসমৰ ৩১খনকৈ কাৰাগাৰ৷ পৰিষ্কাৰ আৰু সেউজীয়া কাৰাগাৰ থিমেৰে হ’ব নতুন বিপ্লৱ৷ য’ত কাৰাগাৰৰ ভিতৰত ৰোপণ কৰিব বিভিন্ন ফল–মূলৰ গছ, শাক–পাচলিৰ খেতি, খান্দিব পুখুৰী৷ এক অর্থত এতিয়া কাৰাগাৰসমূহত সূচনা হ’ব আন এক নতুন দিগন্তৰ৷