মিত্রজোঁটে পাব ১০০খন আসনঃ ৰমেন্দ্র নাৰায়ণ কলিতা
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃঃ মনোনয়ন–পত্র দাখিল পর্বৰ সামৰণিৰ পিছত পশ্চিম গুৱাহাটী সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী আৰু বর্তমান অগপৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই আৰম্ভ কৰিছে নির্বাচনী তৎপৰতা৷ বিগত দুদিনত কলিতাই মিত্রজোঁটৰ প্রধান অংশীদাৰী দল বিজেপিৰ উপৰি ইউপিপিএল, ৰাভা হাছং যৌথ সংগ্রাম সমিতিৰ কর্মকর্তাসকলৰ সৈতে মিলিত হৈ নির্বাচনী ৰণনীতি প্রস্তুত কৰাকে ধৰি ঠায়ে ঠায়ে নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে বিয়লি আজাৰা ৰাণীগেটত মিত্রজোঁটৰ নির্বাচনী কার্যালয় এটা মুকলি কৰে আগন্তুক নির্বাচনৰ মিত্রজোঁটৰ প্রার্থী তথা সমষ্টিটোৰ বর্তমানৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷
এই উপলক্ষে অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে আঁত ধৰা চমু সভাখনত মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাই ভাষণ প্রসংগত কংগ্রেছ–এ আই ইউ ডি এফ নেতৃত্বতাধীন মহাজোঁটে অসমৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুলি ব্যক্ত কৰি তেওঁক অগপ–বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী হিচাপে ৰাইজে বিপুল ভোটত বিজয়ী কৰাব বুলি আশা ব্যক্ত কৰি মিত্রজোঁটে আশা কৰাৰ দৰে ১০০খন বা ততোধিক আসন পাব বুলি সদৰী কৰে৷
সভাত অগপৰ কেন্দ্রীয় কমিটীৰ সম্পাদক সুভাষ শর্মা, বিজেপিৰ ৰাণী মণ্ডল কমিটীৰ সভাপতি হৰকান্ত নাথ, সম্পাদকদ্বয় হিতেশ কলিতা আৰু কুশল দাস, অগপ নেতা–নেত্রী ক্রমে পৰেশ বৰুৱা, পৰমেশ্বৰ বর্মন, জগন্নাথ বৰুৱা, ৰজিদা বেগম, অজন্তা শর্মা ডেকা, গীতা মণ্ডল ডেকা, ভাৰতী সিং কছাৰী, চন্দ্র দাস, প্রভাত চন্দ্র দলৈ, ৰুবুল বৈশ্য, ইউপিপিএলৰ ৰাণী আঞ্চলিক কমিটীৰ সভাপতি অৰুণ চন্দ্রবডোকে ধৰি মিত্রজোঁটৰ কেইবাগৰাকী নেতা–নেত্রী আৰু পাঁচ শতাধিক কর্মী–সমর্থক উপস্থিত থাকে৷ আনহাতে, কার্যালয় মুকলিৰ পিছতেই ৰমেন্দ্র নাৰায়ণ কলিতাক ৰাণীগেটত থকা বিজেপিৰ ৰাণী মণ্ডল কার্যালয়লৈ আদৰি আনে দলটোৰ কার্যকর্তাসকলে৷ মণ্ডল কমিটীৰ সভাপতি হৰকান্ত নাথৰ আদৰণী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত তপন দাস কলিতা, শিখা নাথ চৌধুৰী, তীর্থ বৰুৱাকে ধৰি দলটোৰ কেইবাজনো নেতাই আগন্তুক নির্বাচনত দলটোৰ প্রতিজন কার্যকর্তাই মিত্রজোঁটৰ প্রার্থী হিচাপে ৰমেন্দ্র নাৰায়ণ কলিতাক বিপুল ভোটত বিজয়ী কৰাৰ বাবে দেহে–কেহে কাম কৰি যাব বুলি সদৰী কৰে৷