নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট লেখিকা সাংবাদিক গায়িকা টুলটুল বৰুৱাৰ বিয়োগ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ বিশিষ্ট সাহিত্যিক প্রবীণ সাংবাদিক, নিবন্ধকাৰ টুলটুল বৰুৱাৰ সোমবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰ পথৰ নিজ বাসগৃহত বার্ধক্যজনিত ৰোগত মৃত্যু হয়৷ মৃত্যুৰ সময়ত যুক্তিবাদী তথা বিজ্ঞানমনস্ক লেখিকাগৰাকীৰ বয়স আছিল ৮৮ বছৰ৷ ১৯৩২ চনৰ ১৯ এপ্রিলত শিৱসাগৰত জন্মগ্রহণ কৰা বৰুৱাই পিতৃৰ কর্মসূত্রে মাত্র ৬ বছৰ বয়সতে গুৱাহাটীলৈ আহি উজানবজাৰ বালিকা বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰাৰ পাছত ১৯৪৭ চনত পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়৷ ইয়াৰ পাছত তেওঁ কটন কলেজত বিজ্ঞান শাখাত নামভর্তি কৰি উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ ১৯৫২ চনত কটনৰ পৰাই পদার্থ বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰে৷ কটনৰ পৰা স্নাতক ডিগ্রী গ্রহণ কৰি তেওঁ কলকাতাৰ প্রেছিডেন্সী কলেজত নামভর্তি কৰে আৰু ১৯৫৫ চনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি মুম্বাইৰ ফিল্ম ডিভিজনত কর্মজীৱনৰ পাতনি মেলে৷ নৱ বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ টুলটুল বৰুৱাই সুদীর্ঘ ১৬ বছৰ মুম্বাইত বাস কৰাৰ পাছত পুনৰ ১৯৭২ চনত গুৱাহাটীলৈ উভতি আহে৷ গুৱাহাটীলৈ উভতি আহি তেওঁ ‘নীলাচল’ কাকতত দীর্ঘদিন সাংবাদিকতা কৰাৰ উপৰি আকাশবাণী গুৱাহাটী কেন্দ্রত গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, তেৱেঁই আছিল আকাশবাণীৰ প্রথমগৰাকী মহিলা গায়িকা৷ তদুপৰি সুৰকাৰ আৰু অনুবাদক হিচাপেও তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল৷ উল্লেখ্য যে টুলটুল বৰুৱাই ইলোৰা বিজ্ঞান মঞ্চক মৰণোত্তৰভাৱে দেহদান কৰি থৈ গৈছে৷ আজি তেওঁৰ মৃত্যুৰ দুঘণ্টা পাছত তেওঁৰ বাসগৃহত শংকৰদেৱ নেত্রালয়ৰ এটা চিকিৎসকৰ দল উপস্থিত হৈ চকু দুটা সংৰক্ষণ কৰাৰ পাছত মৃতদেহটো গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়৷ মৃত্যুৰ সময়ত তেওঁ তিনিজন ভাতৃ ক্রমে ড০ প্রণৱ ভৰালী, নয়ন ভৰালী আৰু উৎপল ভৰালীৰ লগতে বোৱাৰী, নাতি–নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায়৷ টুলটুল বৰুৱাৰ মৃত্যুত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like