জনস্বাস্থ্যলৈ ভাবুকিঃ বালি–বোকা মিহলি পানী যোগান
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ পানীয়েই জীৱনৰ প্রাণ৷ কিন্তু গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে পানীয়ে৷ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ তথা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্মার্ট চিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ নামত চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কিন্তু কার্যতঃ এই আঁচনিসমূহৰ পৰা মহানগৰবাসীয়ে লাভ কৰা নাই এটুপিও বিশুদ্ধ খোৱাপানী৷ মহানগৰবাসীক গুৱাহাটী পৌৰ নিগম, জলব’ৰ্ড, জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰি আহিছে৷ কিন্তু এই বিভাগকেইটাৰ বিষয়া–কর্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই এতিয়া মহানগৰীৰ বিভিন্ন অঞ্চলৰ লোকে লাভ কৰিছে বালি আৰু বোকা মিহলি পানী৷
শেহতীয়াকৈ বিগত কেইবামাহ ধৰি অম্বিকাগিৰী নগৰ অঞ্চলত বসবাস কৰা লোকসকলে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জলব’ৰ্ড কাকূতি–মিনতি কৰিবলগীয়া হৈছে অম্বিকাগিৰী নগৰবাসীয়ে৷ বৃহত্তৰ অম্বিকাগিৰী নগৰ উন্নয়ন সমিতিৰ যুটীয়া সম্পাদক বিকাশ তালুকদাৰে জানিবলৈ দিয়া মতে, অম্বিকাগিৰী নগৰৰ শংকৰদেৱ–শিৱকুঞ্জ্ পথ, ধ্রুৱজ্যোতি পথকে ধৰি সমগ্র অঞ্চলটোৰ লোকসকলে কেইবামাহো ধৰি বালি আৰু বোকা মিহলি গেদযুক্ত পানী লাভ কৰি আহিছে৷ জনস্বাস্থ্যৰ প্রতি ভাবুকিস্বৰূপ এই পানী খোৱাটো দূৰৰে কথা, কাপোৰ–কানি, গা, বাচন–বর্তন ধোৱাৰো অনুপযোগী৷
অঞ্চলবাসীয়ে জলব’ৰ্ডকে ধৰি বিভাগীয় কর্তৃপক্ষক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বাৰম্বাৰ আবেদন–নিবেদন কৰাৰ পিছতো এইক্ষেত্রত আজিলৈকে কোনো গুৰুত্ব প্রদান নকৰিলে৷ সেয়েহে বৃহত্তৰ অম্বিকাগিৰী নগৰ উন্নয়ন সমিতিয়ে অঞ্চলবাসীৰ লগতে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে৷ উল্লেখ্য যে অম্বিকাগিৰী নগৰ এটা উদাহৰণহে৷ মহানগৰীৰ উজান বজাৰ, লতাশিল, আমবাৰী, গুৱাহাটী ক্লাব, লাচিত নগৰ, শিলপুখুৰী, চানমাৰি, ৰাজগড়, উলুবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত বসবাস কৰা লোকসকলে খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ জি এম চি জলব’ড আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰে যদিও সেয়া অনিয়মীয়া আৰু খোৱাৰ অনুপযোগী৷