খাদ্যৰ সন্ধানত সাতগাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ
নিয়মীয়া বাৰ্তা ২৬ জুনঃ গুৱাহাটীৰ আশে–পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ বিশেষকৈ গুৱাহাটী মহানগৰীত বনৰীয়া হাতী আৰু নাহৰফুটুকীৰ মুক্ত বিচৰণত অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷ কেৱল বনৰীয়া হাতীয়েই নহয়, মহানগৰীত নাহৰফুটুকীয়েও সন্ত্রাস চলাই আহিছে৷ কালি নিশা মালিগাঁৱৰ কামাখ্যাত এটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা ৰাইজে প্রত্যক্ষ কৰাত আতংকিত হৈ পৰে৷ অলপতে নাহৰফুটুকীৰ আক্রমণত এটি শিশু নিহত হোৱাৰ লগতে কেইবাজানো লোক গুৰুতৰভাৱে আহত হয়৷
ইপিনে, বনৰীয়া হাতীয়ে উপদ্রৱ চলাই লণ্ডভণ্ড কৰিলে কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান৷ মহানগৰীৰ সাতগাঁৱত হাতী–মানুহৰ সংঘাতে তীব্র ৰূপ ধাৰণ কৰিছে৷ শুকুৰবাৰে পুুৱাৰ ভাগত সাতগাঁৱত তিনিটা বনৰীয়া হাতীয়ে সন্ত্রাস চলায়৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে পুৱতি নিশা অঞ্চলটোত প্রৱেশ কৰি উপদ্রৱ চলায়৷ বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও বাসগৃহত প্রৱেশ কৰি খাদ্যবস্তু নষ্ট কৰাৰ লগতে দোকান–পোহাৰ ভাঙি লণ্ডভণ্ড কৰে৷ ৰাইজে অভিযোগ কৰা মতে, অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্রৱ চলাই থকাৰ বিষয়টো স্থানীয় ৰাইজে বন বিভাগৰ লোকক বাৰম্বাৰ অৱগত কৰোৱাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে নিজেই আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়ায়৷