শিলসাঁকো বিলৰ বুকুত চলিছে অবৈধ খনন
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ শিলসাঁকো বিলৰ বুকুত চলিছে অবাধ খননকার্য৷ প্রশাসনৰ অগোচৰে বিলৰ মাটি খনন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বিক্রী কৰি থকা পৰিলক্ষিত হৈছে৷ নিশাৰ ভাগত জেচিবি আৰু ডাম্পাৰ লগাই অসাধু ব্যৱসায়ীসকলে নিতৌ খননকার্য চলাই বিলখনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ বিলৰ মাটি জেচিবিৰে খনন কৰি নিশা ডাম্পাৰেৰে কঢ়িয়াই অসাধু ব্যৱসায়ীসকলে সাতগাঁও, পাথৰকোঁৱেৰী, পাঞ্জাবাৰী, বাঘৰবড়ী, ছয়মাইল, চছল আৰু বৰবাৰী অঞ্চলত বিক্রী কৰি আছে৷ তদুপৰি বিলৰ মাটি খনন কৰি বিলৰ পাৰত মজুত কৰি ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি অসাধু ব্যৱসায়ীয়ে নিশা ডাম্পাৰেৰে বিলৰ মাটি মহানগৰীৰ বিভিন্ন স্থানলৈ কঢ়িয়াই আহিছে৷ ইপিনে, শিলসাকো বিলৰ কাষত থকা পকী দেৱাল ভাঙি বিলত ডাম্পাৰ আৰু ট্রাকেৰে নিতৌ খননকার্য চলোৱাৰ পিছতো আৰক্ষী প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তদুপৰি বিলৰ পাৰত জুপুৰি সাজি একাংশ সন্দেহযুক্ত লোকে মহানগৰীত বিভিন্ন অপৰাধজনিত কার্য সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ একেদৰে বিলৰ পাৰৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে ডেম্প সাজিছে৷ ইয়াৰে একাংশ ডেম্পত চুৰি সামগ্রী কিনা–বেচা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ, খৰালিত বিলৰ বুকুত অসাধু ব্যৱসায়ীসকলে প্রতিবছৰে খননকার্য চলাই আহিছে যদিও জিলা আৰক্ষী প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷