মেটেকাই ছানি ধৰিছে শিলসাঁকো বিল
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ মহানগৰীৰ জলাশয় সংৰক্ষণ কৰাৰ বাবে চৰকাৰ–প্রশাসনে বিভিন্ন সময়ত গ্রহণ কৰা আঁচনিসমূহ ফাইলতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ পাৰিপার্শ্বিকতাৰ লগতে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে প্রশাসনে মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰাৰ উপৰি পর্যটনৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ কথা আছিল যদিও একাংশ বিভাগীয় বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবে সেয়া আজিও কার্যকৰী হোৱা নাই৷ ফলত মহানগৰীৰ অধিকাংশ জলাশয় ধ্বংস হোৱাৰ উপক্রম হৈছে৷ বেদখলকাৰীয়ে বিলৰ ভূমি বেদখল কৰি নির্মাণকার্য চলোৱাত মহানগৰীৰ জলাশয়সমূহ ক্রমাৎ সংকুচিত হৈ পৰিছে৷ তদুপৰি মেটেকা আৰু আৱর্জনাৰে ভৰি পৰিছে একাংশ জলাশয়৷ বিশেষকৈ শিলসাঁকো বিল বেদখলকাৰীৰ কবলত পৰি ক্রমাৎ সংকুচিত হৈ পৰিছে৷ একাংশ ভূ–মাফিয়াই বিলৰ ভূমিত নির্মাণকার্য চলোৱাৰ পিছতো আৰক্ষী–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইপিনে, বিলৰ বুকু আৱর্জনাৰে ভৰি পৰাৰ লগতে মেটেকাই ছানি ধৰিছে৷ মেটেকাই ছানি ধৰা বিলৰ পানী প্রদূষিত হৈ পৰাত চৌপাশৰ পৰিৱেশ বিনষ্ট হৈছে৷ বিলৰ বুকুত জমা হোৱা আৱর্জনা আৰু প্রদূষিত পানীৰ পূতিগন্ধময় পৰিৱেশৰ বাবে বিলৰ চৌপাশে বাস কৰা লোকসকলে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷ সেয়ে বিলখন সংৰক্ষণৰ লগতে মেটেকা–আৱর্জনা নিষ্কাশন কৰিবলৈ চৌপাশৰ সচেতন লোকে জিলা প্রশাসনক বিহিত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷