নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ মার্কেটৰ উৰণীয়া সেতুত পিক আঁৰিলে পোষ্টাৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ দিছপুৰ ছুপাৰ মার্কেটৰ উৰণীয়া সেতুত মুকলিৰ মাত্র তিনি দিনৰ পিছতেই একাংশ নির্লজ্জ লোকে তামোল–গুট্খাৰ পিক পেলাই কদর্য কৰি তোলা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰাৰ পিছত সৌন্দর্যবর্ধনৰ প্রতি লক্ষ্য ৰাখি মহানগৰবাসীক আহ্বান জনোৱাৰ তিনি দিন পিছতেই একাংশ লোকে উৰণীয়া সেতুত পিক পেলাই পৰিৱেশ বিনষ্ট কৰাত সচেতন লোকে ক্ষোভ প্রকাশ কৰে৷ তদুপৰি উৰণীয়া সেতুত কিছুমান ব্যৱসায়ীয়ে পোষ্টাৰ আঁৰি সেতুখনৰ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মাইছে৷ যি সময়ত উৰণীয়া সেতুখন প্রত্যক্ষ কৰাৰ লগতে ছেলফি উঠিবলৈ অগণন লোকে ভিৰ কৰিছে, সেই সময়তে নির্লজ্জ লোকে পিক পেলাই উৰণীয়া সেতুখন লেতেৰা কৰি পেলোৱাত চিত্রশিল্পীসকলে ক্ষোভ প্রকাশ কৰি চৰকাৰক এইক্ষেত্রত আইনগত ব্যৱস্থা গ্রহণৰ বাবে আহ্বান জনায়৷

দেওবাৰে নিশা উৰণীয়া সেতুখনত একাংশ চিত্রশিল্পী উপস্থিত হৈ হাতেৰে পিক আদি মচি মহানগৰবাসীলৈ এক বার্তা প্রেৰণ কৰে৷ অনাগত দিনত যাতে কোনো লোকে এই সেতুখনত পিক আদি পেলাই কদর্য নকৰে, তাৰ বাবে শিল্পীসকলে ৰাইজক আহ্বান জনায়৷ ইপিনে, সেতুখন দর্শন কৰিবলৈ আহি সেতুখনত পিক পেলোৱা, পোষ্টাৰ লগোৱা প্রত্যক্ষ কৰি দর্শনার্থীসকলে ক্ষোভ প্রকাশ কৰি এইক্ষেত্রত উদণ্ড লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়৷

You might also like