তেতেলীয়াত গেমনৰ পানী পৰিবাহী পাইপ ফাটি হাহাকাৰ পৰিস্থিতি
নিয়মীয়া বাৰ্তা ২৫ জুনঃ জালুকবাৰীৰ পৰা বৰাগাঁও সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ তেতেলীয়া প্রাথমিক বিদ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে বিয়লি হঠাৎ গেমনৰ পানী পৰিবাহী পাইপ ফাটি প্রায় ৫০–৬০ ফুট উচ্চতালৈ পানী প্রচণ্ড জোৰৰে ছিটিকি যোৱাক কেন্দ্র কৰি বৃহত্তৰ অঞ্চলটোত প্রায় এক ঘণ্টা ধৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ পানী ওপৰলৈ জোৰেৰে ছিটিকি পৰা বাবে পাইপৰ ওপৰতে থকা উচ্চ ক্ষমতাসম্পন্ন ৩৩ হাজাৰ ভ’ল্টেজৰ বিদ্যুৎ পৰিবাহী লাইনটো পানীৰ সস্পর্শলৈ অহাত বৈদ্যুতিক স্ফুলিংগৰ শব্দই পৰিস্থিতি ভয়াৱহ কৰি তোলে৷
অৱশ্যে সেই স্থানৰ বিপৰীত দিশৰ বাসিন্দা আৰু গুৱাহাটী পৌৰ নিগমৰ প্রাক্তন কাউন্সিলৰ ব্রজেন দাসে ততালিকে বিদ্যুৎ পৰিষদৰ নিয়ন্ত্রণ কক্ষত খবৰ দিয়াত তেওঁলোকৰ কর্মীয়ে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে গেমন ইণ্ডিয়াৰ দায়িত্ববাহী বিষয়া–ভিযন্তাক খবৰ দি পাইপেৰে পানী যোগান ব্যৱস্থা বন্ধ কৰি দিয়ে৷ তাৰ পিছতহে প্রায় এঘণ্টাৰ অন্তত পানী যোগান বন্ধ হোৱাৰ পিছতহে ৫.৪০ বজাত পৰিস্থিতি স্বাভাৱিক হয়৷
উল্লেখ্য যে বিয়লি প্রায় ৪.৩০ মান বজাত প্রথমতে পাইপৰ জইণ্টেৰে অলপ পানী নিগৰি ওলাই অহা স্থানীয় লোকে প্রত্যক্ষ কৰিছিল৷ কিন্তু অলপ সময় পিছত বিস্ফোৰণৰ ৰূপ ধাৰণ কৰে৷ সৌভাগ্যক্রমে পানীৰ পাইপ মূল পথৰ পৰা কিছু নিলগত থকা বাবে কাৰো একো হানি–বিঘিনি নহ’ল৷ লক্ষণীয়ভাৱে বিদ্যুৎ বিভাগৰ কর্মচাৰী খবৰ পোৱা মাত্রকে ঘটনাস্থলীলৈ আহি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে এক বৃহৎ অঞ্চলৰ বাসিন্দাক ৰক্ষা কৰে যদিও সন্ধিয়া পর্যন্ত গেমন ইণ্ডিয়াৰ কোনো বিষয়া–ভিযন্তা বা কোনো কর্মচাৰী উপস্থিত নহ’ল৷