কাঁহিকুছিত ১১ পথৰ আধাৰশিলা স্থাপন বিধায়কৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ পশ্চিম গুৱাহাটী সমষ্টিৰ বাট–পথ , নলা–নর্দমাসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনেৰে সমষ্টিটোক এক নতুন ৰূপ দিয়াৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ এই প্রচেষ্টাৰ অংশ হিচাপে ৰাণী উন্নয়ন খণ্ডৰ অন্তর্গত আজাৰাৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত আজি ১১টা পথ–উপপথ নির্মাণৰ আধাৰশিলা স্থাপন কৰা হয়৷ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷
চতুর্দশ বিত্তীয় আয়োগৰ ৮১.২৫ লাখ টকা ব্যয়ৰে অহা ব’হাগ বিহুৰ পূর্বে এই পথ–উপপথসমূহ নির্মাণ কৰা হ’ব৷ আনহাতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি উন্নয়নমূলক কামসমূহত যাতে দুর্নীতি–নিয়ম সংঘটিত নহয় তাৰ প্রতি ৰাইজক নজৰ দিবলৈ বিধায়ক কলিতাই আহ্বান জনায়৷ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটীৰ সদস্য সুভাষ শর্মা , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, সহকাৰী অভিযন্তা চামিনা বসুমতাৰী, সচিব সুবোধ কলিতা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰজিদা বেগম, অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, অগপ নেতা পৰেশ বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷