নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ আড্ডাত বিনষ্ট গান্ধীমণ্ডপ পথৰ পৰিৱেশ; কাণসাৰ নাই জিলা প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ   মহানগৰীৰ গান্ধীমণ্ডপ পথৰ বিকল ষ্ট্রীট লাইটে সন্ধিয়া অন্ধকাৰাচ্ছন্ন কৰি তুলিছে শৰণীয়া পাহাৰ৷ প্রতিবছৰে ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে জিলা প্রশাসন–গুৱাহাটী পৌৰ নিগমে গান্ধীমণ্ডপৰ বৃহত্তৰ অঞ্চল সজাই পৰাই ৰঙীন কৰি তোলে৷ কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছত অঞ্চলটোৰ এনেবোৰ সমস্যা এবাৰো চোৱাৰ আহৰি নাথাকে জিলা প্রশাসন তথা গুৱাহাটী পৌৰ নিগমৰ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গান্ধী জয়ন্তী উদ্যাপনৰ মাত্র দুই তিনি দিন পূর্বে ষ্ট্রীটলাইটসমূহ মেৰামতি কৰি পোহৰাই তোলা হৈছিল শৰণীয়া পাহাৰ৷ কিন্তু এমাহ পাৰ নৌহওতেই ষ্ট্রীট লাইটসমূহ বিকল হোৱা দেখা গৈছে৷ ইয়াৰ বাবেই বৃহত্তম এলেকাত সন্ধিয়াৰ পৰা অন্ধকাৰাচ্ছন্ন হৈ পৰে৷

একাংশ স্থানীয় ৰাইজে জনোৱা মতে শৰণীয়া মূলপথৰ পৰা গান্ধীমণ্ডপ যোৱা পথছোৱাত মাত্র ১০–১২ ষ্ট্রীট লাইট সন্ধিয়াৰ ভাগত জ্বলে যদিও বাকী লাইটসমূহ সম্পূর্ণ বিকল৷ এনেক্ষেত্রত গান্ধী মণ্ডপ দর্শন কৰিব অহা বিভিন্ন স্তৰৰ ব্যক্তিসকলে সন্ধিয়া সময়ত লাইটৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ আন্ধাৰৰ সুযোগ গ্রহণ কৰি এচাম যুৱকে সন্ধিয়া হ’লেই মুকলিমুৰীয়াকৈ মদ, ভাং খোৱা পৰিলক্ষিত হৈছে৷ সন্ধিয়া ভ্রমণ কৰিবলৈ অহা নাগৰিকসকলৰ একাংশই জানিবলৈ দিয়ে যে মদ, ভাং আৰু অসামাজিক কার্যস্থলীত পৰিণত হৈছে বৃহত্তৰ গান্ধীমণ্ডপ অঞ্চল ৷ ইয়াৰ বাবেই শীঘ্রেই ষ্ট্রীট লাইটসমূহ মেৰামতিৰ বাবেই গুৱাহাটী পৌৰ নিগম তথা জিলা প্রশাসনৰ ওচৰত দাবী জনায়৷

You might also like