নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক আৱাসত সঘনাই চুৰি

বিশ্ববিদ্যালয় চৌহদৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ শিক্ষক আৱাসত বিগত দিনকেইটাত মাজে–সময়ে হোৱা চুৰিৰ ঘটনাই শিক্ষকসকলক শংকিত কৰাৰ মাজতেই পুনৰ যান্ত্রিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ দেৱাশিস শইকীয়াৰ আৱাসত চুৰিৰ ঘটনা সংঘটিত হয়৷

প্রাপ্ত খবৰ মতে, ১৪ অক্টোবৰত ড০ শইকীয়াই তেওঁৰ পত্নীৰ এটা অস্ত্রোপচাৰৰ বাবে মলিগাঁৱৰ স্বাগত হাস্পতালত ভর্তি কৰাইছিল, যাৰ বাবে তেওঁ দুদিন ধৰি হাস্পতালত আছিল৷ ১৬ অক্টোবৰৰ সন্ধিয়া আহি চোৰৰ লুটপাতৰ বিষয়ে অৱগত হয়৷ চোৰে পিছফালে দুখন দর্জাৰ তলা ভাঙি ভিতৰত প্রৱেশ কৰে আৰু গডৰেজৰ তলা ভাঙি ৮ লাখৰো অধিক টকা মূল্যৰ সোণৰ গহনাৰ তিনিটামান ছেট চুৰি কৰি লৈ যায়৷

এই সন্দর্ভত ড০ শইকীয়াই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষী আহি তদন্ত আৰম্ভ কৰে৷ কিন্তু এইপর্যন্ত চোৰ কিম্বা চুৰি হোৱা গহনাৰ বিষয়ে একো তথ্য পোৱা হোৱা নাই৷ ইফালে লকডাউনৰ পাছত বিগত সময়ছোৱাত চৌহদত কেইবাটাও শিক্ষক আৱসত চোৰে সোণৰ গহনাকে ধৰি বহু মূল্যৱান সামগ্রী চুৰি কৰি নিয়া ঘটনাই স্বাভাৱিকতে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ দিশটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে৷

দেখাত তিনিওটা প্রৱেশ পথত দিনে–নিশাই নিৰাপত্তাৰক্ষী থাকে৷ কিন্তু তাৰ বিপৰীতে চৌহদৰ ভিতৰত কোনো নিৰাপত্তাৰ ব্যৱস্থা নাই৷ যাৰবাবে এনেদৰে চোৰে নিৰাপত্তাৰ সুৰুঙাৰ সুযোগ লৈ শিক্ষকৰ আৱাসত লুটপাত চলাই আহিছে৷

You might also like