নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সান্ধ্য আইন উলংঘাৰে সন্ধিয়া ৭ বজালৈ যান–জঁট

ক’ভিড নির্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰেঃ ৫ বজাত কার্ফিউ বলৱৎ কৰাত ব্যর্থ আৰক্ষী

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো প্রতিদিনে শতাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছে যদিও কার্যক্ষেত্রত সেয়া ৰূপায়ণ কৰাত ব্যর্থ হৈছে আৰক্ষী–প্রশাসন৷ ক’ভিডৰ কঠোৰ নির্দেশনা জাৰি কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ ফলত কামৰূপ মহানগৰ জিলাত সান্ধ্য আইন উলংঘাৰে হাজাৰ হাজাৰ লোক প্রতিদিনে হকে–বিহকে ওলাই অহা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীত ক’ভিডৰ সংক্রমণ হ্রাস পালেও বিগত আঠ দিনত ১,৩৭৪জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

প্রতিদিনে গড় হিচাপে ১৭১জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কামৰূপ (ম) জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱতৰ নির্দেশনা বাহাল ৰাখিছিল৷ কিন্তু মহানগৰ জিলা প্রশাসন আৰু আৰক্ষীৰ সোপাঢ়িলা নীতিৰ বাবেই বিয়লি ৫ বজাৰ পৰা মহানগৰ জিলাত জাৰি কৰা সান্ধ্য আইন এতিয়া ভেঁকো–ভাওনাত পৰিণত হৈছে৷ মহানগৰ জিলা প্রশাসন আৰু আৰক্ষীৰ নিষ্ক্রিয়তাৰ বাবে সন্ধিয়া ৭ বজালৈকে মহানগৰীৰ সদাব্যস্ত জি এছ ৰোড, আৰ জি বৰুৱা ৰোডকে ধৰি বহুকেইটা পথ, উপ–পথত তীব্র যান–জঁট সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

সান্ধ্য আইন বলৱৎ হোৱাৰ পিছতো মহানগৰ যান–বাহন আৰক্ষীয়ে সন্ধিয়া ৭ বজালৈকে যান–জঁট নিয়ন্ত্রণত ব্যস্ত থকাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ জিলা প্রশাসন আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাত ব্যর্থ হোৱাৰ ফলতেই বিগত এসপ্তাহ ধৰি মহানগৰীত সান্ধ্য আইন একাংশ লোকৰ বাবে হৈ পৰিছে স্বাভাৱিক অৱস্থাৰ দৰেই৷ কামৰূপ (ম) জিলাত ক’ভিডৰ সংক্রমণ পূর্বতকৈ ক্রমান্বয়ে হ্রাস পাইছিল যদিও ক’ভিড নির্দেশনা উলংঘা কৰাৰ বাবেই পুনৰ জিলাখনত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে ক’ভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ জিলা প্রশাসন–আৰক্ষীক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে৷

You might also like