নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালবাক্রাৰ ৰ’দালি পথ–উদয় পথ–শ্রীকান্ত দত্ত পথবাসীৰ দুৰৱস্থা

মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক ব্যৱস্থা গ্রহণৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   জিএমডিএ আৰু জিএমচিৰ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি মহানগৰীৰ বিভিন্ন প্রান্তত একাংশ বিল্ডাৰে জধে–মধে নির্মাণ কৰি আহিছে বৃহৎ বৃহৎ অট্টালিকা৷ অবিজ্ঞানসন্মতভাৱে বিল্ডাৰে নির্মাণ কৰা অট্টালিকাৰ বাবেই মহানগৰীৰ বিভিন্ন স্থানত বসবাস কৰা লোকসকলে কৃত্রিম বানকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ দুর্ভোগ ভুগিবলগীয়া হৈ আহিছে৷ শেহতীয়াকৈ ওদালবাক্রাত বিল্ডাৰে পৰিকল্পনা অবিহনে নির্মাণ কৰা বৃহৎ অট্টালিকাৰ বাবে ৰ’দালি পথ, উদয় পথ আৰু শ্রীকান্ত পথৰ বাসিন্দাই যাতায়াতত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ এই তিনি পথৰ বাসিন্দাসকলে দীর্ঘদিন ধৰি কৃত্রিম বান, অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বসবাস কৰি আহিবলগীয়া হৈছে৷ নীলাচল পথ–উদয় পথ আৰু ৰ’দালি পথ উন্নয়ন সমিতিৰ সদস্যই কৰা অভিযোগ অনুসৰি বিগত কেইবাবছৰ ধৰি অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ ওদালবাক্রা অঞ্চলৰ পাহাৰৰ পৰা নামি অহা পানী নলা–নর্দমাৰে শ্রীকান্ত দত্ত উপপথৰ ভিতৰেৰে গৈ মৰা ভৰলুত পৰে৷ কিন্তু শ্রীকান্ত দত্ত পথৰ শেষৰ ফালে থকা নলা নীলভ চক্রৱর্তী নামৰ এজন বিল্ডাৰে বিগত দুবছৰ ধৰি দখল কৰি থৈছে৷ ফলত সাধাৰণ এজাক বৰষুণতেই এই তিনিটা পথত যাতায়াতত অঞ্চলবাসীয়ে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ উন্নয়ন সমিতিয়ে বিল্ডাৰজনক নলাটো মুক্ত কৰি দিবলৈ অনুৰোধ জনোৱাৰ পাছতো আজিলৈকে বিল্ডাৰে এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে৷ পৌৰ নিগম কর্তৃপক্ষকো উন্নয়ন সমিতিয়ে অভিযোগ দিয়াৰ পাছতো নলাটো মুক্ত কৰাৰ বাবে নিগমে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ অঞ্চলবাসীয়ে বিল্ডাৰ নীলভ চক্রৱর্তীয়ে দখল কৰা নলাটো মুক্ত কৰাৰ বাবে মন্ত্রী সিদ্ধাথ ভট্টাচার্যক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like