পূব গুৱাহাটীত বাইক ৰেলীৰে নির্বাচনী প্রচাৰ অজাপৰ প্রার্থী অদীপ ফুকনৰ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ পূব গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ কুমাৰ ফুকনে শুকুৰবাৰে বিশাল বাইক ৰেলীৰে নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰে৷ কেইবাশ সমর্থকক লগত লৈ বৰা ছার্ভিচৰ পেট্র’ল পাম্পৰ সমীপৰ পৰা জি এছ ৰোডেৰে গণেশগুৰি, কাহিলিপাৰা, বিৰুবাৰী, উজানবজাৰ, আমবাৰী, চানমাৰি, জুৰোড হৈ ৰাজগড় বিহুতলীত বাইক ৰেলীৰ সামৰণি মাৰে৷ নির্বাচনী চমক সৃষ্টিৰে উলিওৱা এই বাইক ৰেলীত বিভিন্ন স্থানত প্রার্থীগৰাকীক ৰাইজে সম্বর্ধনা জ্ঞাপন কৰে৷ ইফালে, প্রার্থিত্ব লাভ কৰাৰ পিছৰে পৰা অদীপ কুমাৰ ফুকনে সমষ্টিটোৰ ৱার্ডে ৱার্ডে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি আহিছে৷ শীঘ্রে পূব গুৱাহাটী সমষ্টিৰ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিব বুলিও ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিছে৷