নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটী সমষ্টিত দলীয় প্রার্থিত্বৰ দাবীত বৰাগাঁৱত পথ অৱৰোধ বিজেপি কর্মীৰ

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ অগপক এৰি দিয়াৰ বিৰুদ্ধে সমষ্টিটোৰ ক্ষুব্ধ বিজেপি কর্মীসকলে একেৰাহে চতুর্থ দিনাৰ বাবেও প্রতিবাদী কার্যসূচী পালন কৰে৷ আজাৰাত ৭ মার্চৰ দুপৰীয়া প্রায় এহাজাৰ বিজেপি কার্যকর্তাই সমষ্টিটো অগপক এৰি দিয়াৰ বিৰুদ্ধে আজাৰাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ পাছত ৮ মার্চত দ্বিতীয় দিনা লালগণেশত ধর্ণা কার্যসূচী, ৯ মার্চত তৃতীয় দিনা বিজেপিৰ কেইবাশ কর্মীয়ে মহানগৰীৰ লখৰাত সমষ্টিটো অগপক এৰি দিয়াৰ বিৰোধিতা কৰি প্রায় ১৫ মিনিট ধৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদী কার্যসূচী পালন কৰিছিল৷ তাৰ পাছত আজি পুনৰ দিনৰ চাৰে ১১ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ বৰাগাঁৱত ধর্ণা কার্যসূচী পালন কৰে প্রতিবাদী কর্মীসকলে৷ এঘণ্টাজোৰা প্রতিবাদী কার্যসূচীত দলৰ কর্মীসকলে হাতে হাতে প্লে–কার্ড, বেনাৰ লৈ বিজেপি জিন্দাবাদ, ভাৰত মাতা কি জয়, আমাক বিজেপি প্রার্থী লাগিবই, দৰকাৰ হ’লেবন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা কৰিম তথাপি আমাক পদুম ফুলৰ সৈতে দলীয় প্রার্থী দিয়ক ধ্বনিৰে আকাশ–বতাহ মুখৰিত কৰি তোলে৷ প্রতিবাদী কার্যসূচীত গুৱাহাটী জিলা কমিটীৰ সম্পাদক বলেশ্বৰ ৰংপী, জিলা মহিলা মর্চাৰ উপ–সভানেত্রী ধৰিত্রী দৈমাৰী, সম্পাদিকা উলুপী ৰংপী, সমষ্টিটোৰ তিনিখন মণ্ডল কমিটী ক্রমে ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ, পশ্চিম গুৱাহাটীৰ সভাপতি দেৱজিৎ ৰাজবংশী, দক্ষিণ গুৱাহাটীৰ উপ–সভাপতি ভৱেশ সৰকাৰকে ধৰি কেইবাজনো নেতা উপস্থিত হৈ সাংগঠনিক দিশত শক্তিশালী অৱস্থানত থকা পশ্চিম গুৱাহাটীত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা হ’লেও বিজেপিৰ প্রার্থীগৰাকীক বিপুল ভোটত বিজয়ী কৰিব বুলি ঘোষণা কৰে৷

You might also like