দীপৰ বিলক ৰক্ষাৰ দাবীত চকৰদৌ কলিতাপাৰাত মহিলাৰ ধৰ্ণা
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ চৰকাৰী-বেচৰকাৰী ব্যৱস্থাত দীপৰ বিলক ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে আজি পুৱাৰ ভাগত বিলখনৰ গাতে লগা চকৰদৌ কলিতাপাৰাৰ মহিলা সকলে আজাৰা-কামাখ্যা সংযোগী ৰেলপথলৈ ওলাই আহি প্ৰতিবাদ সাবস্ত্য কৰে । চকৰদৌ কলিতাপাৰা ৰাজহুৱা নামঘৰৰ মহিলা সমাজৰ দলপতি হেমলতা কলিতাৰ নেতৃত্বত মহিলা সকলে ওলাই আহি হাতে হাতে প্লে- কাৰ্ড, বেনাৰলৈ দীপৰ বিলক সংৰক্ষণৰ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলে পুৱা চাৰে ন’ বজাৰ পৰা চাৰে দহ বজালৈ এঘণ্টা ধৰি মৰা ভৰলু, বাহিনী আৰু বশিষ্ঠ নৈৰ প্ৰদূষিত পানী পামহী কেনেলৰে দীপৰ বিলত পেলোৱা কার্য বন্ধ কৰক, দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত পৌৰ নিগমে আৱৰ্জনা পেলোৱা বন্ধ কৰক, দ্বৈত ৰেলপথ নিৰ্মাণৰ নামত হাতী আৰু অন্যান্য বনৰীয়া জীৱ জন্তুৰ হত্যা বন্ধ কৰক, ১৯৮৯ চনৰ ভুলৰ পুনৰাবৃত্তি কৰি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা কাৰ্য বন্ধ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। কাৰ্যসূচীত মনীষা কলিতা, মিনু কলিতা, দিপালী কলিতা, সীমা কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা, চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি বলেন কলিতা, কৰ্মকর্তা প্ৰমোদ কলিতা, বিৰাজ কলিতাকে (পৱন), ধৰি কেবাজনো নেতৃস্থানীয় লোক উপস্থিত থাকে।