নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানামুখত কৃষিকর্মৰে স্বাৱলম্বী মহিলা–যুৱতী

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ যান্ত্রিকতাৰ পৃথিৱীত সহজলভ্য ধনৰ আশাত শিক্ষিত চামৰ বেছিভাগেই এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি জীৱনৰ বহু মূল্যৱান সময় নষ্ট কৰা পৰিলক্ষিত হৈছে৷ কিন্তু এনে সময়তে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি গুৱাহাটীৰ পশ্চিম প্রান্তৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ কেহেৰুবাৰী অঞ্চলৰ মিনতি বৈশ্য নামৰ যুৱতীগৰাকীয়ে মাতৃ, ককায়েক আৰু ভাতৃৰ সহযোগত কৃষি কর্ম কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

আনকি মাতৃ কুসুম বৈশ্যৰ সৈতে মিনতি বৈশ্যই ককায়েক হৰেন্দ্র বৈশ্য আৰু ভাতৃ শৈলেন বৈশ্যই প্রায় ৭ বছৰ পূর্বে বছৰৰ সকলো ঋতুতে কৃষি কর্ম কৰিব পৰাকৈ ঘৰৰ চৌহদত এক বিঘা মাটিত নির্মাণ কৰা গ্রীন হাউছত কৃষিকর্ম কৰি প্রশংসা লাভ কৰিছে৷ এই সন্দর্ভত মিনতি বৈশ্যই জানিবলৈ দিয়া মতে প্রয়াত পিতৃৰ দিনৰ পৰাই তেওঁলোকৰ পৰিয়ালটো কৃষি কর্মৰ ওপৰতে নির্ভৰশীল৷ বর্তমান এক বিঘা মাটিত নির্মাণ কৰা তিনিটা গ্রীন হাউছত বছৰৰ সকলো ঋতুতে পালেং আৰু অন্যান্য শাক–পাচলি খেতি কৰি বছৰত প্রায় দুই লাখৰো অধিক টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷

তাৰ বাহিৰেও বাকী খালী মাটিত মিনতি বৈশ্যই মাতৃ, ককায়েক আৰু ভাতৃৰ সৈতে আলু, কবি, ধনিয়া, খুতুৰা, মূলাকে ধৰি আন আন ঋতুকালীন খেতি কৰি আহিছে৷ বর্তমান গ্রীন হাউছত পালেং শাকৰ খেতি কৰি কিছু ধন উপার্জন কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে প্রথমাৱস্থাত অর্থাৎ মে’ মাহত বজাৰলৈ শাক নিব নোৱাৰাত কিছু শাক নষ্ট হৈছিল৷ কিন্তু পৰৱর্তী সময়ত ক’ভিডৰ এছ অ’ পি কিছু শিথিল কৰি দিয়াত বজাৰত উচিত মূল্য পাবলৈ সক্ষম হয়৷

প্রথম অৱস্থাত ককায়েক আৰু ভাতৃক কৃষি কর্মত সহায় কৰাৰ লক্ষ্যৰে কৃষিকর্ম কৰিছিল যদিও শাক–পাচলি উঠোৱাৰ পৰা আৰম্ভ কৰি বিজ্ঞানসন্মতভাৱে কৃষি কর্ম কৰি উৎপাদন কিদৰে বৃদ্ধি কৰিব পাৰি, তাৰ বহু কৌশল আয়ত্ত কৰিবলৈ সক্ষম হৈছে৷ সমান্তৰালভাৱে বর্তমান শালি ধানৰ খেতিৰ ভূঁই ৰোৱাৰ বাবে সাজু হৈছে বুলি ব্যক্ত কৰি মিনতি বৈশ্যই কয়– আগ্রহ থাকিলে পুৰুষৰ সমানে সমানে মহিলায়ো কৃষিকর্ম কৰি স্বাৱলম্বী হ’ব পাৰে আৰু নিজৰ লগতে ঘৰখনকো আর্থিকভাৱে সকাহ দিব পাৰে৷ উল্লেখ্য যে স্নাতক ডিগ্রীধাৰী মিনতি বৈশ্য মহিলা আত্মসহায়ক গোটৰ সৈতেও জডিত আৰু বৃহত্তৰ খানামুখ অঞ্চলৰ বিভিন্ন সামাজিক–সাংস্কৃতিক কাম–কাজৰ সৈতেও জডিত হৈ আছে৷

You might also like