নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাৰ ৭টা ঘোং প্রতি পালনৰ দায়িত্ব

নিয়মীয়া বাৰ্তা ১০ জুনঃ বন্যপ্রাণী নিধনৰ ক্ষেত্রত জীৱশ্রেষ্ঠই যি সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে, সেই সময়তে গুৱাহাটী মহানগৰীৰ প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্রমোদ শর্মাই অসম ৰাজ্যিক চিৰিয়াখানাৰ কেইবাটাও জন্তুৰ প্রতিপালনৰ দায়িত্ব লৈ প্রকৃতিপ্রেমীৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷প্রাপ্ত খবৰ মতে, হাস্পতালৰ স্বত্বাধিকাৰী শর্মাই ৰাজ্যিক চিৰিয়াখানাৰ সাতটা ঘোঙৰ এবছৰৰ প্রতিপালনৰ দায়িত্ব গ্রহণ কৰিছে৷ সেয়েহে মঙলবাৰে তেওঁ ডি এফ অ’ তেজস্ব মৰিস্বামীৰ হাতত জন্তুকেইটাৰ এবছৰৰ খাদ্য সামগ্রী তথা চিকিৎসা সেৱাৰ বাবে ৩.৫০ লাখ টকাৰ চেক প্রদান কৰা বুলি ৰেঞ্জাৰ ৰবীন বৈশ্যই জানিবলৈ দিছে৷ তদুপলক্ষে আজি আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত চিচি এফ অনুৰাগ সিং, মথু কুমাৰ ভেলকে ধৰি চিৰিয়াখানাৰ কেইবাগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷

You might also like