নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ হোটেল–ৰেষ্টুৰেণ্ট–হ’র্ডিং উচ্ছেদ

মহানগৰীত পৌৰ নিগমৰ অভিযান

নিয়মীয়া বার্তা, ১৯ মার্চঃ গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগ আৰু স্বাস্থ্য বিভাগে মহানগৰীত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত তথা মাছ–মাংস বিক্রী কৰা ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ পৌৰ নিগমৰ দুয়োটা বিভাগে পৌৰ আয়ুক্তৰ নির্দেশ অনুসৰি যোৱা তিনি দিন মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰা বহু হোটেল–ৰেষ্টুৰেণ্ট আৰু মাছ–মাংসৰ দোকান উচ্ছেদ কৰাৰ পিছত বুধবাৰে চতুর্থ দিনৰ বাবে জি এম চিয়ে অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে মহানগৰীৰ ভৰলুমুখ, লখৰা, ওদালবাক্রা, লালগণেশ, ফটাশিল আমবাৰী আৰু কলনী বজাৰত অভিযান চলাই শতাধিক ব্যৱসায় প্রতিষ্ঠানৰ পৰা মুঠ ১৭,৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ উপৰি অর্ধশতাধিক দোকান–পোহাৰ উচ্ছেদ কৰে ৷ পৌৰ নিগমৰ এক সূত্রই জনোৱা মতে অভিযানকাৰী দলটোৱে বুধবাৰে ভৰলুমুখৰ পৰা দুখন, ফটাশিলৰ পৰা এখন, কলনী বজাৰৰ পৰা ৪০খন আৰু লালগণেশৰ পৰা পাঁচখন মাছ–মাংসৰ দোকান উচ্ছেদ কৰে ৷ তদুপৰি অভিযানকাৰী দলটোৱে মহানগৰীৰ পাণবজাৰৰ পৰা জালুকবাৰীলৈ মুঠ ৯৬খন অবৈধ হ’র্ডিং উচ্ছেদ কৰে ৷

You might also like