নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ বছৰৰ অন্তত চিৰিয়াখানাৰ সদস্য হ’ল জিৰাফ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ  দেশী–বিদেশী পর্যটক আৰু দর্শনার্থীৰ বাবে সু–খবৰ ৷ সুদীর্ঘ আঠ বছৰৰ অন্তত ৰাজ্যিক চিৰিয়াখানাৰ আলহী হ’ল এটা জিৰাফ ৷ এনিমেল এক্সচেঞ্জ প্র’গেমৰ জৰিয়তে কেন্দ্রীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমোদনত জিৰাফটো পাটনা চিৰিয়াখানাৰ পৰা শুকুৰবাৰে গুৱাহাটীলৈ অনা হয় ৷ শনিবাৰে আনুষ্ঠানিকভাৱে বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই দর্শনার্থীৰ বাবে জিৰাফ গৃহটো মুকলি কৰে ৷ এই উপলক্ষে আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বন বিভাগৰ কেইবাগৰাকী শীর্ষ বিষয়াৰ লগতে চিৰিয়াখানাৰ ডিএফ’ তেজস্ব মাৰীস্বামী উপস্থিত থাকে ৷ এসপ্তাহৰ ভিতৰতে মহীশূৰৰ পৰা আৰু এটা জিৰাফ চিৰিয়াখানা পৰিয়ালৰ সদস্য হ’ব বুলি মন্ত্রী পৰিমল শুক্লবৈদ্যই জানিবলৈ দিছে ৷

You might also like