নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুক–কটাহবাৰী সংযোগী পথৰ দুৰৱস্থাত যাত্রীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অদূৰদর্শিতাৰ বাবে গড়চুক–কটাহবাৰী সংযোগী এটা উপ–পথ বছৰৰ পিছত বছৰ ধৰি জৰাজীর্ণ হৈ আছে৷ গড়চুক থানাৰ কাষেৰে কটাহবাৰী সংযোগী এই পথটোৰে দৈনিক শ শ যান–বাহন চলাচল কৰে যদিও উপ–পথটো মেৰামতিৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই বিধায়ক কলিতাই৷ বাৰিষা দূৰৈৰ কথা, বছৰৰ অধিকাংশ সময় পথটোৰ বিভিন্ন স্থানত পানী জমা হৈ থাকে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গড়চুক থানাৰ কাষেৰে যোৱা জৰাজীর্ণ উপ–পথটোৰে দিনে–নিশাই শ শ ট্রাক–ডাম্পাৰ চলাচল কৰে৷ থানাৰ কাষেৰে এই পথটোৰে কটাহবাৰীত থকা বিভিন্ন কোম্পানীৰ গুদামলৈ অহা ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে পথটোৰ বিভিন্ন ঠাইত গাঁতৰ সৃষ্টি হৈছে৷ ফলত দীর্ঘদিন ধৰি অঞ্চলটোত বসবাস কৰা লোকসকলে জৰাজীর্ণ পথেৰে যাতায়াত কৰিবলগীয়া হৈছে৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক উক্ত উপ–পথটো মেৰামতি কৰাৰ বাবে স্থানীয় ৰাইজে লিখিত আৰু মৌখিকভাৱে দাবী জনোৱাৰ পিছতো পথটো মেৰামতি কৰাৰ ক্ষেত্রত কোনো গুৰুত্ব প্রদান কৰা নাই৷ বিধায়ক কলিতাই আজাৰা, কাঁহিকুছি আদি অঞ্চলত বিভিন্ন পথৰ আধাৰশিলা স্থাপন কৰি সমষ্টি উন্নয়নৰ শ্লোগান দিছে৷ কিন্তু মহানগৰীৰ মাজমজিয়াৰ এই গুৰুত্বপূর্ণ পথ মেৰামতিৰ বাবে ব্যৱস্থা গ্রহণ নকৰাত বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে স্থানীয় ৰাইজে৷

You might also like