নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–জাপান সম্পর্ক

চলিত মাহতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–জাপান শীর্ষ সন্মিলনক লৈ সমগ্র উত্তৰ–পূর্বাঞ্চলত আশাৰ সঞ্চাৰ হৈছে৷ অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ বাবে জাপানে বিভিন্ন প্রকল্পত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ সম্ভাৱনা আছে৷ জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেই গুৱাহাটীত এদিনৰ বাবে উপস্থিত থকাৰ সম্ভাৱনাক লৈ সম্প্রতি মহানগৰীখনত ব্যাপক প্রস্তুতি চলোৱা হৈছে৷ ৰাস্তা–পদূলি মেৰামতি কৰাৰ লগতে সৌন্দর্য বর্ধনৰ ক্ষেত্রত ৰাজ্য চৰকাৰে ব্যাপক তৎপৰতা চলাইছে৷ গুৱাহাটীত আবে আৰু  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাজত হ’বলগীয়া আলোচনাত জাপানে বিভিন্ন প্রকল্পত কৰিবলগীয়া বিনিয়োগ সন্দর্ভত আলোচনা কৰা হ’ব৷ মন কৰিবলগীয়া যে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্রত অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত উত্তৰ–পূর্বাঞ্চলত আন্তঃগাঁথনি নির্মাণৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থকা একমাত্র বিদেশী শক্তিশালী দেশ হ’ল জাপান৷ অঞ্চলটোত ইতিমধ্যে বিভিন্ন প্রকল্পত জাপানে বিনিয়োগ কৰিছে৷ আন একাধিক প্রকল্পত দেশখনে বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে৷ জাপান ইণ্টাৰনেচনেল কো–পাৰেচন এজেঞ্চীয়ে (জাইকা) গুৱাহাটীত এটা বৃহৎ পানী যোগান প্রকল্পত বিনিয়োগ কৰাৰ লগতে পথ নির্মাণ, বন ব্যৱস্থাপনা আৰু কৃষি প্রকল্পত ধন বিনিয়োগ কৰিছে৷ এই প্রকল্পসমূহৰ কামৰ অগ্রগতিৰো বুজ ল’ব জাপানৰ প্রধানমন্ত্রীগৰাকীয়্৷ সি যি কি নহওক, আবেৰ গুৱাহাটী ভ্রমণে উত্তৰ–পূর্বাঞ্চলৰ বাবে নতুন আশাৰ বাতৰি কঢ়িয়াই আনিব বুলি সকলোৱে উৎসাহেৰে অপেক্ষা কৰিছে৷

আবেৰ ভাৰত ভ্রমণ কেৱল উত্তৰ–পূর্বাঞ্চলত বিনিয়োগৰ দিশৰ পৰাই গুৰুত্বপূর্ণ নহয়৷ ভাৰত আৰু জাপানৰ সম্পর্কই সাম্প্রতিক সময়ত আন্তঃৰাষ্ট্রীয় দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছে৷ জাপানৰ সৈতে ভাৰতৰ কোনোধৰণৰ কূটনৈতিক শত্রুতাৰ নজিৰ ইতিহাসত নাই৷ তথাপি দুয়োখন দেশৰ সম্পর্কক দীর্ঘদিনে বিশেষ মাত্রা প্রদান কৰাটো সম্ভৱ হোৱা নাছিল৷ কিন্তু নৰেন্দ্র মোদী আৰু শ্বিনজো আবেই দুয়োখন দেশৰ সম্পর্কক বহুদূৰ আগুৱাই নিয়াৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ আবেই ‘মুক্ত আৰু মুকলি ভাৰত–প্রশান্ত সাগৰ’ৰ এক ধাৰণাৰ জন্ম দিছিল আৰু আমেৰিকাৰ নেতৃত্বত এইক্ষেত্রত যথেষ্ট দূৰ আগবঢ়াটো সম্ভৱ হৈছে৷ অৱশ্যে কৌশলগত দিশৰ পৰা স্পষ্ট নীতি নির্ধাৰণৰ ক্ষেত্রত আমেৰিকাই কোনোধৰণৰ প্রচেষ্টা হাতত লোৱা নাই৷ আবে আৰু মোদীয়ে এইক্ষেত্রত  নেতৃত্ব বহন কৰিব বুলি আশা কৰা হৈছে৷ ইতিমধ্যে নিশ্চিত হৈছে যে অহা বছৰত জাপানত দুয়োখন দেশৰ প্রতিৰক্ষা বাহিনীৰ সামৰিক অনুশীলন চলাব৷ আনহাতে মোদী–আবেৰ আলোচনাত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত কৌশলগত দিশৰ আদান–প্রদানৰ এখন চুক্তি ‘একুইজিচন এণ্ড ক্রছ ছার্ভিচিং এগ্রিমেণ্ট’ (এচিএছএ) স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে৷ জাপানৰ সৈতে সামৰিক সহযোগিতা বিভিন্ন দিশৰ পৰা লাভদায়ক হ’ব বুলি প্রতিৰক্ষা বিশেষজ্ঞসকলে মত প্রকাশ কৰি আহিছে৷ সাধাৰণতে দুয়োখন দেশেই নিজৰ প্রতিৰক্ষা বাহিনীক কেৱল আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আহিছে আৰু দিল্লী–টকি’ই সামৰিক আগ্রাসনৰ দৰে কার্যৰ পৰা নিজকে বিৰত কৰি আহিছে৷ সেয়ে দেশ দুখনৰ মাজত কৌশলগত দিশৰ পৰা পাৰস্পৰিক সামৰিক আদান–প্রদান সহজে গঢ়ি উঠিব বুলি আশা কৰা হৈছে৷ তদুপৰি ভাৰত আৰু জাপানে ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত সমতা, সুস্থিৰতা আৰু উপকূলীয় নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অদূৰ ভৱিষ্যতে শক্তিশালী পদক্ষেপ গ্রহণ কৰিব বুলি আশা কৰা হৈছে৷ সাম্প্রতিক ভূ–ৰাজনৈতিক  পৰিস্থিতিত জাপান আৰু ভাৰতৰ মাজত ক্রমবর্ধমান সু–সম্পর্কই সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰাটো স্বাভাৱিক কথা বুলি বিবেচনা কৰা হৈছে৷

You might also like