নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত বাইডেনৰ নতুন পদক্ষেপ

আফগানিস্তানত মার্কিন সেনাৰ ২০ বছৰীয়া উপস্থিতিৰ অৱসান ঘটাবলৈ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে পদক্ষেপ গ্রহণ কৰিছে৷ গোটেই প্রক্রিয়াটো এতিয়াও প্রাৰম্ভিক পর্যায়তে আছে যদিও বাইডেনৰ প্রচেষ্টাই মার্কিন জনসাধাৰণৰ দীর্ঘদিনীয়া অসন্তুষ্টি দূৰ কৰাৰ সম্ভাৱনা আছে৷ সুদীর্ঘ সময়ৰ বাবে আমেৰিকাৰ সৈন্যক নিতৌ মৃত্যুৰ কিৰীলি শুনিবলৈ পোৱা যুদ্ধবিধ্বস্ত দেশত নিয়োজিত কৰি ৰখাৰ পোষকতা কৰা নাই মার্কিন জনসাধাৰণে৷ বিগত ২০ বছৰত আফগান যুদ্ধৰ বাবেই বহু পিতৃ–মাতৃ পুত্রহাৰা হ’ব লগা হৈছে৷ অৱশ্যেই বাৰাক অ’বামাৰ শাসনৰ সময়তে মার্কিন সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ ড’নাল্ড ট্রাম্প ৰাষ্ট্রপতি হৈ থকাৰ সময়তো পর্যায়ক্রমে সেনা প্রত্যাহাৰৰ প্রক্রিয়া চলি আছিল৷ সম্প্রতি আফগানিস্তানত আছে মাত্র ২,৫০০ মার্কিন সেনা৷ কাবুলে সুৰক্ষাৰ স্বার্থতে মার্কিন সেনাৰ কম পৰিমাণে হ’লেও উপস্থিতি বিচাৰিছে যদিও তালিবানে শান্তি চুক্তিৰ বাবে সম্পূর্ণ প্রত্যাহাৰৰ দাবী কৰি আহিছে৷ সেয়ে দেশখনত শান্তি স্থাপনৰ বাবে বাইডেন প্রশাসনে প্রস্তুত কৰা খচৰা প্রস্তাৱ দুয়োপক্ষৰ বাবে গ্রহণযোগ্য হয় নে নহয়, তাৰ ওপৰত দীঘলীয়া সময় আলোচনা হোৱাটো নিশ্চিত৷ শান্তি চুক্তিৰ বাবে আগবাঢ়ি আহিবলৈ বাইডেনে ১ মে’ৰ ভিতৰত মার্কিন সেনাক সম্পূর্ণৰূপে প্রত্যাহাৰ কৰাৰ প্রতিশ্রুতি দিছে৷ ইয়াৰ লগতে এই চর্তও আৰোপ কৰা হৈছে যে আগন্তুক ৯০ দিনত হিংসা পৰিহাৰ কৰিবলৈ তালিবানে প্রতিশ্রুতি দিব লাগিব৷ আনহাতে আফগান ৰাষ্ট্রপতি আব্দুল গনিয়ে স্পষ্ট কৰি দিছে তালিবানৰ সৈতে মিত্র চৰকাৰ চলাবলৈ তেওঁ মান্তি নহয়৷ ইয়াৰ বিপৰীতে মার্কিন সেনা সম্পূর্ণ প্রত্যাহাৰৰ পিছতে তালিবানৰ কাবুল দখলৰ অভিসন্ধিক কোনেও অস্বীকাৰ কৰিব পৰা নাই৷ সেয়ে বাইডেনে গোটেই বিষয়টো ফলপ্রসূভাৱে নিষ্পত্তি নকৰাকৈ আফগানিস্তানৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা নাই৷ তালিবান–কাবুলৰ শান্তি আলোচনা আগবঢ়াই নিয়াৰ দায়িত্ব দিয়া হৈছে তুৰস্কক আৰু সোনকালেই আংকাৰত দুয়োপক্ষৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এটা কথা নিশ্চিত যে আমেৰিকা সম্পূর্ণৰূপে আঁতৰি যোৱাৰ পিছত যদি আফগানিস্তানত পুনৰ তালিবানৰ আক্রমণ চলে, তেন্তে তাৰ বাবে ৱাশ্বিংটনকেই দোষাৰোপ কৰা হ’ব৷ বাইডেনে সেই গ্লানি ল’ব খোজা নাই৷ স্মর্তব্য যে ৯/১১ৰ পিছত আফগানিস্তানত তালিবানক উৎখাতৰ বাবে সেনা অভিযান আৰম্ভ কৰিছিল৷ তাৰ লগতে প্রধান লক্ষ্য আছিল ৯/১১ৰ মূল ষড়যন্ত্রকাৰী ওছামা বিন লাডেন৷ সেই সময়ত লাডেনে তালিবানৰ ঘাটিত আশ্রয় লৈ আছিল যদিও যুদ্ধৰ সময়তে পলায়ন কৰে৷ ২০১১ চনত ইউ এছ নেভীশ্বিল্ডে পাকিস্তানত অভিযান চলাই লাডেনক হত্যা কৰে যদিও ইয়াৰে প্রায় দহ বছৰৰ পিছতো আফগানিস্তান সম্পূর্ণৰূপে এৰিব পৰা নাই মার্কিন সেনাই৷
বাইডেনে তালিবানৰে শান্তি চুক্তি আৰু কাবুলত সুস্থিৰতাৰ বাবে কেইবাখনো দেশক জড়িত কৰিব খুজিছে৷ ইয়াৰ ভিতৰত স্বাভাৱিকতে ভাৰতো আছে৷ কিয়নো বাণিজ্যিক দিশৰ লগতে আফগানিস্তানত বৃহৎ নির্মাণকার্যতো ভাৰত জড়িত হৈ আছে৷ দেশখনত শান্তিৰ বাতাৱৰণ স্থাপন কৰাটো ভাৰতৰ বাবেও অত্যন্ত জৰুৰী৷ নতুন দিল্লীয়ে সেয়ে নিজৰ আফগান নীতিক লৈ নতুনকৈ চিন্তা–চর্চা কৰা প্রয়োজন হ’ব৷ আমেৰিকাৰ খচৰা প্রস্তাৱত তালিবান–কাবুলৰ শান্তি চুক্তি আগবঢ়াই নিয়াৰ বাবে জড়িত কৰিব খোজা দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে আছে চীন, ৰাছিয়া, পাকিস্তান আৰু ইৰান৷ আমেৰিকাই এই দেশসমূহৰ বৈদেশিক মন্ত্রীসকলৰ সৈতে আলোচনাত মিলিত হ’ব খুজিছে আৰু তাৰ বাবে বৈঠকৰ আয়োজন কৰিবলৈ ৰাষ্ট্রসংঘক আহ্বান জনাইছে৷ স্বাভাৱিকতে বাইডেনে এই আটাইকেইখন দেশকে আফগান নীতি পর্যালোচনা কৰিবলৈ বাধ্য কৰাব৷ ইতিমধ্যে ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰে আমেৰিকাৰ আফগানস্থিত ৰাষ্ট্রদূত ঝালমেই খলিলজাফৰ সৈতে এই সন্দর্ভত দীঘলীয়া আলোচনাত মিলিত হৈছে টেলিফোনিক বার্তালাপযোগে৷ আফগানিস্তানত যিহেতু ব্যৱসায়িক যোগাযোগ আদি বিভিন্ন দিশৰ পৰা ভাৰতৰ স্বার্থ জড়িত হৈ আছে, সেয়ে নতুন দিল্লীয়ে বাইডেন প্রশাসনৰ পদক্ষেপক বাস্তৱ ৰূপ দিয়াৰ বাবে যিকোনো প্রত্যাহ্বানৰ বাবে সাজু থাকিব বুলি ধাৰণা কৰা হৈছে৷

You might also like