নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ত সন্ধানহীন কিম

বিশ্বৰ ভিতৰতে কট্টৰ শাসন ব্যৱস্থা থকা দেশ হিচাপে চিহ্ণিত কৰা হয় উত্তৰ কোৰিয়াক৷ দেশখনৰ অভ্যন্তৰৰ বহু কথাই বিশ্ববাসীৰ বাবে অজানা৷ ১৯৪৮ চনত কোৰিয়া বিভক্ত হৈছিল ৰক্তক্ষয়ী সংঘাতৰ মাজেৰে৷ ইয়াৰ পাছতে দুই কোৰিয়াৰ মাজত কেইবাবছৰ ধৰি চলা যুদ্ধত প্রাণ হেৰুৱাইছিল বহু লাখ লোকে৷ প্রতিষ্ঠা কালৰে পৰা উত্তৰ কোৰিয়াক শাসন কৰি আহিছে কিম বংশই৷ বর্তমানৰ ৰাষ্ট্রপতি কি জং–উনৰ ককাকে সমাজতান্ত্রিক উত্তৰ কোৰিয়াক এনেদৰে প্রতিষ্ঠা কৰিছিল যাতে কিম বংশৰ প্রতি দেশবাসীৰ সদায় আস্থা অক্ষত থাকে৷ অৱশ্যে বিভিন্ন সময়ত কিম বংশৰ তিনিগৰাকী শাসক অর্থাৎ কিমৰ ককাক, পিতৃ আৰু তেওঁ নিজেই দেশবাসীৰ ওপৰত নাৰকীয় অত্যাচাৰ চলাই ক্ষমতাত বর্তি থকা বুলি বিভিন্ন দেশে অভিযোগ কৰি আহিছে৷ আনকি প্রতিৱেশী দক্ষিণ কোৰিয়ায়ো সঘনে উত্তৰ কোৰিয়াৰ অভ্যন্তৰত চলি থকা নাৰকীয় নির্যাতনৰ তথ্য প্রকাশ কৰি আহিছে৷ কিন্তু উত্তৰ কোৰিয়া নিজৰ স্থিতিত যেন অটল৷ দেশখনৰ এটাই অভিযোগ দক্ষিণ কোৰিয়াৰ জৰিয়তে আমেৰিকাই যিকোনো মুহূর্ততে আৰম্ভ কৰিব পাৰে দখলদাৰী অভিযান৷ আনকি আমেৰিকাই এই উদ্দেশ্য সফল কৰিবলৈ দক্ষিণ কোৰিয়াত বৃহৎ সেনা ঘাটি ৰখা বুলি অভিযোগ কৰি আহিছে উত্তৰ কোৰিয়াই৷ দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সম্ভাব্য আক্রমণৰ পৰা নিজক সুৰক্ষিত কৰিবলৈ বিভিন্ন সময়ত পৰমাণু অস্ত্রৰ পৰীক্ষা চলাইছে উত্তৰ কোৰিয়াই৷ গণবিধ্বংসী হাইড্র’জেন বোমা, আন্তঃমহাদেশীয় পৰমাণু বিস্ফোৰকবাহী ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ, আমেৰিকা তথা পাশ্চাত্যৰ দেশসমূহৰ কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীনো হ’বলগীয়া হৈছে দেশখন৷ তৎসত্ত্বেও উত্তৰ কোৰিয়াই এৰা নাই অস্ত্র পৰীক্ষণ কার্যসূচী৷ অৱশ্যে আমেৰিকাৰ সৈতে থকা সাত দশকৰ শত্রুতাৰ অৱসান ঘটাবলৈ যোৱা দুটা বছৰৰ ভিতৰত উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে গ্রহণ কৰে কিছু শিথিল নীতি৷ দেশখনৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে দুবাৰকৈ প্রত্যক্ষ আলোচনাতো মিলিত হয় কিম৷ কিন্তু আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ এই আলোচনাই সফল ৰূপ নাপালে৷ তথাপি আমেৰিকা তথা আন্তর্জাতিক সম্প্রদায়ে নিষেধাজ্ঞা প্রত্যাহাৰ কৰিলে পৰমাণু অস্ত্র পৰীক্ষা কার্যসূচী বর্জন কৰিব বুলি প্রতিশ্রুতি দি আহিছে কিমে৷ শেহতীয়াকৈ সেই নেতাগৰাকীক কেন্দ্র কৰিয়েই বিশ্বজুৰি সৃষ্টি হৈছে ৰহস্য৷ যোৱা ১১ এপ্রিলৰ পাছৰে পৰা বিশ্বৰ সংবাদ মাধ্যমৰ পৰা সন্ধানহীন কিম জং–উন৷ বিভিন্ন মহলে দাবী কৰিছে যে হূদযন্ত্রৰ অস্ত্রোপচাৰৰ সময়ত কিমৰ মৃত্যু হৈছে৷ কিন্তু উত্তৰ কোৰিয়াৰ কোনো প্রতিক্রিয়া নাই ৷

এতিয়া প্রশ্ন হয় সঁচাকৈয়ে এই নেতাগৰাকীৰ মৃত্যু হৈছে নেকি? যদি মৃত্যু হৈছে তেন্তে সাত দশক ধৰি কিম বংশই শাসন কৰি থকা উত্তৰ কোৰিয়াৰ পৰৱর্তী শাসক কোন হ’ব? বিভিন্ন মহলে কিমৰ ভগ্ণী কিম য়’–জঙৰ নাম চর্চালৈ আনিছে৷ এই চর্চাৰ মাজতে প্রতিৱেশী দক্ষিণ কোৰিয়াই ঘোষণা কৰিছে যে উত্তৰ কোৰিয়াৰ শাসকগৰাকী কুশলে আছে৷ ইফালে দেশখনৰ সংবাদ মাধ্যমে ২৭ এপ্রিলত দক্ষিণ আফ্রিকাৰ স্বাধীনতা দিৱসত চাইৰিল ৰামাফ’ছালৈ কিমে লিখা এখন পত্র মুকলি কৰি দিছে৷ অৱশ্যে ইয়াৰ সত্যতা নিৰূপণ কৰিব পৰাৰ কোনো পথ নাই বিশ্ববাসীৰ ওচৰত৷ কাৰণ আজিৰ মুহূর্তত উত্তৰ কোৰিয়ালৈ গৈ কিম জং–উন ক’ত আছে তাৰ খবৰ কৰাৰ অধিকাৰ নাই আন্তর্জাতিক সংবাদ মাধ্যমৰ৷ গতিকে কেৱল অনুমানৰ ভিত্তিত বিশ্বজুৰি প্রকাশ পাই আছে এলানি সংবাদ৷ একমাত্র দক্ষিণ কোৰিয়াই ঘোষণা কৰি আছে যে কিমৰ মৃত্যু হ’লে সৃষ্টি হ’ব পৰা কোনোধৰণৰ অস্বাভাৱিক পৰিস্থিতি উত্তৰ কোৰিয়াৰ অভ্যন্তৰত পৰিলক্ষিত হোৱা নাই৷ যদি সঁচাকৈয়ে কিম জীৱিত আছে, তেন্তে এই নীৰৱতা কিয়? মাত্র ছবছৰ পূর্বে হঠাতে কেইটামান সপ্তাহৰ বাবে সন্ধানহীন হৈছিল কিম জং–উন ৷ তেতিয়াও অনুৰূপ সংবাদ প্রকাশ পাইছিল বিশ্বৰ মিডিয়াত৷ বিশ্ববাসীৰ সন্মুখত নিজৰ গুৰুত্ব প্রমাণ কৰিবলৈয়ে কিমে এই নিখোজ হোৱাৰ নাটক কৰিছে নেকি? প্রশ্ণবোৰ এতিয়া চৌদিশে উদয় হৈছে ৷

You might also like