ক’ৰোনা ভাইৰাছৰ শিক্ষা
সমগ্র বিশ্বতে আতংকৰ সৃষ্টিকাৰী মাৰাত্মক ক’ভিড–১৯ তথা ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ শংকিত হৈছে অসমবাসীও৷ চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈ বিশ্বৰ ১৮৩খন দেশৰ নিদ্রাহৰণ কৰা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অসমতো যুদ্ধকালীন প্রস্তুতিৰে অভিযান চলিছে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আক্রমণত সমগ্র বিশ্বত প্রায় ১২ হাজাৰ লোকৰ মৃত্যু হৈছে৷ আমাৰ দেশৰ কেইবাখনো ৰাজ্যত তিনি শতাধিক লোক মাৰাত্মক বীজাণুবিধৰ দ্বাৰা আক্রান্ত হৈছে আৰু কেইবাজনো লোকৰ মৃত্যু হৈছে৷ অসমত ক’ৰোনা ভাইৰাছত এতিয়ালৈ কোনো লোক আক্রান্ত হোৱা নাই৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ হ’লে সৃষ্টি হ’ব পৰা মহামাৰী প্রতিৰোধৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি আমাৰ ৰাজ্যত নাই সেয়া শেহতীয়াকৈ স্পষ্ট হৈছে৷ আমাৰ দেশ তথা ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে বহু কৰণীয় আছে৷ বিগত প্রায় ডেৰ দশকত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱর্তন হৈছে৷ ১৯৪৭ত ডিব্রুগড়ত ৰাজ্যৰ প্রথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল৷ ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্রায় ১৩ বছৰ পিছত ১৯৬০ত স্থাপন হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়৷ ১৯৬৬ত শিলচৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পিছত সুদীর্ঘ চাৰি দশক ধৰি ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল৷ ২০০৯ত যোৰহাট চিকিৎসা মহাবিদ্যালয়, ২০১১ত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু ২০১৩ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পিছত ডিফু, লখিমপুৰ, ধুবুৰী, নগাঁও, নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য চলি আছে৷ কম সময়ৰ ভিতৰতে ৰাজ্যখনত তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় মুকলি আৰু সাতখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনক লৈ একাংশ লোকৰ সমালোচনাৰো সন্মুখীন হৈছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কিন্তু এনে সমালোচনাৰ ঊর্ধ্বত গৈ মন্ত্রী ড০ শর্মাই এখনৰ পাছত এখন চিকিৎসা মহাবিদ্যালয় মুকলি কৰিছে৷ ৰাজ্যখনৰ উন্নত চিকিৎসা ব্যৱস্থা নিশ্চিত কৰিবলৈ হ’লে প্রয়োজনীয়সংখ্যক চিকিৎসক আৰু চিকিৎসা কর্মী লাগিবই৷ ৰাজ্যখনত যিমানেই চিকিৎসা মহাবিদ্যালয় অথবা চিকিৎসা শিক্ষা প্রতিষ্ঠান গঢ়ি উঠিব সিমানেই বৃদ্ধি হ’ব চিকিৎসক আৰু চিকিৎসাকর্মী৷ ইয়াৰ লগে লগে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি উঠিলে ৰাজ্যখনৰ চিকিৎসা সেৱা উন্নীত হ’ব ৷
ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰা প্রতিজন সচেতন নাগৰিকে এতিয়া মর্মে মর্মে উপলব্ধি কৰিছে যে স্বাস্থ্য সেৱাক অগ্রাধিকাৰ দিয়াৰ বাহিৰে চৰকাৰৰ বিকল্প পথ নাই৷ ক’ৰোনা ভাইৰাছৰ মৃত্যুৰ বিভীষিকাই সমগ্র বিশ্বকে খেদি ফুৰাৰ সময়তে সকলোবোৰ একাষৰীয়া কৰি এতিয়া স্বাস্থ্য সেৱাক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ দৰে মহামাৰীয়ে সমগ্র বিশ্বকে গ্রাস কৰিবলৈ ওলোৱাৰ সময়ত স্বাস্থ্য সেৱাক শীর্ষস্থান দিবই লাগিব৷ কিন্তু এখন ৰাজ্যৰ জনসাধাৰণে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ হ’লে প্রয়োজনীয় আন্তঃগাঁথনিও থাকিব লাগিব৷ এই আন্তঃগাঁথনি নিশাৰ ভিতৰতে কোনেও কৰিব নোৱাৰে৷ ইয়াৰ বাবে চৰকাৰৰ পৰিকল্পনাৰ লগতে একাগ্রতাও থাকিব লাগিব৷ এইক্ষেত্রত ৰাইজৰ সহায়–সহযোগিতাও অতি প্রয়োজন৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা ইটালীৰ দৰে উন্নত দেশত চাৰি হাজাৰ লোকৰ মৃত্যু হোৱাটো সাধাৰণ ঘটনা নহয়৷ এই ৰোগত চীনত তিনি হাজাৰৰো অধিক, স্পেইন আৰু ইৰানত প্রায় ডেৰ হাজাৰকৈ লোকৰ মৃত্যু হৈছে৷ বিশ্বৰ উন্নত দেশসমূহত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ পিছত অসমৰ সচেতন লোকসকল আতংকিত হোৱাটো স্বাভাৱিক৷ সমগ্র দেশৰ লগতে অসমতো যাতে ক’ৰোনা ভাইৰাছ সংক্রমিত হ’ব নোৱাৰে তাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যিসমূহ জৰুৰী পদক্ষেপ লৈছে সেয়া নিশ্চিতভাৱে আদৰণীয়৷ এইক্ষেত্রত অসমবাসীয়েও সর্বাত্মক সঁহাৰি দিছে৷ ক’ৰোনাৰ আতংকই সমগ্র বিশ্বতে অর্থনীতিৰ ৰাজহাড় ভাঙি দিছে৷ উদ্যোগ–বাণিজ্য স্তব্ধ কৰাই নহয়, সর্বসাধাৰণৰ জীৱনযাত্রাও অচল কৰি তুলিছে৷ শিক্ষাৰ দুৱাৰো বন্ধ কৰি দিয়া হৈছে৷ এই অচলাৱস্থা কিমান দিন চলিব সেয়া এতিয়া কোনেও নিশ্চিত কৰিব নোৱাৰে৷ ক’ৰোনা ভাইৰাছৰ আতংক দূৰ কৰিবলৈ হ’লে চৰকাৰ আৰু জনগণৰ উমৈহতীয়া অভিযানৰ প্রয়োজন হ’ব৷ এইক্ষেত্রত উভয় পক্ষই সদিচ্ছাৰে আগবাঢ়িলে মাৰাত্মক ব্যাধিৰ পৰা পৰিত্রাণৰ পথ সোনকালে প্রশস্ত হ’ব বুলি আশা কৰিব পাৰি ৷