নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু আহি পালেহি

ক’ৰোনা ভাইৰাছৰ সন্ত্রাস আৰু আতংক মাৰ যায় নে নাই ক’ব নোৱাৰি, তাৰ মাজতেই অসমীয়াৰ প্রাণৰ ৰঙালী বিহুটি আহি পাবহি৷অইন সময়ত হোৱা হ’লে এতিয়াৰ পৰাই বিহুৰ প্রস্তুতিৰ আয়োজনে খদমদমাই থাকিলেহেঁতেন৷ কিন্তু এইবাৰ সেই উদ্যম আৰু প্রস্তুতি দেখা পোৱা যোৱা নাই৷ কিছুদিন আগতে হৈ যোৱা ‘কা’বিৰোধী আন্দোলনত অসমৰ বহুসংখ্যক গায়ক–গায়িকা আদিৰ অংশগ্রহণেও বিহুৰ আয়োজনক কিছু প্রভাৱ পেলাইছিল৷ ৰঙালী বিহুৰ সময়তে আৰু বিহুৰ পাছতো কিছুমান সাংস্কৃতিক সন্ধিয়াৰ আয়োজন হয় আৰু তাত গায়ক–গায়িকাসকলে বুজন পৰিমাণৰ ধনৰ বিনিময়ত গীত পৰিৱেশন কৰে আৰু এই দিনকেইটাতে তেওঁলোকে প্রায় বছৰটোৰ উপার্জনখিনি কৰি লয়৷ কিন্তু এইবাৰৰ পৰিৱেশ কিছু পৃথক৷ এনেদৰে ৰাজহুৱাভাৱে আয়োজিত বিহু ফাংচনৰ লগত সাধাৰণতে শাসকীয় দলৰ নেতা আদি জডিত থাকে, যাৰ ফলত বিহু ফাংচনৰ আয়োজন কিছু সহজ হৈ পৰে৷ কিন্তু ‘কা’বিৰোধী আন্দোলনৰ সময়ত কিছুসংখ্যক গায়ক–গায়িকাই যেনেদৰে চৰকাৰ আৰু শাসকীয় দলৰ বিৰুদ্ধাচৰণ কৰিছিল তাৰ ফলত তেনে ৰাজনৈতিক নেতা জডিত থকা বিহুত তেওঁলোকৰ অংশগ্রহণ কিছু পৰিমাণে হ’লেও জটিল হৈ পৰিল৷ আনহাতে, বর্তমান সময়ৰ পৰিপ্রেক্ষিতত বিহুৰ সময়ত হ’বলগীয়া অনুষ্ঠানবোৰৰ আয়োজনো অনিশ্চিত হৈ পৰিল৷ এটা কথা ঠিক যে ক’ৰোনা ভাইৰাছৰ প্রকোপ কমিলে বিহু পতাৰ পৰিৱেশ উভতি আহিব আৰু তেতিয়ালৈকে হয়তো ৰাজনৈতিক মতবিৰোধৰ কথাও তল পৰিব৷ এফালে বিহুৰ প্রতি থকা আৱেগ আৰু জীৱিকাৰ প্রশ্ণ এই দুয়োটাৰ মিলনে এতিয়া দেখা পোৱা বাধাসমূহ আঁতৰাই দিব৷ আনফালে দেখা গৈছে যে কিছুমান ৰাজনৈতিক দলেও বিহুৰ আয়োজন কৰিছে আৰু ৰাজনৈতিক দলক বিহু পতাৰ পৰা বিৰত ৰখাৰ বাবে কোনেও দাবী কৰিব নোৱাৰে ৷

বর্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিলৈ লক্ষ্য কৰি এটা কথা দেখা গৈছে যে বিগত কেইবছৰমানত বিহুৰ সময়ত সাংস্কৃতিক অনুষ্ঠান পতাৰ যি প্রতিযোগিতামূলক উদ্যম দেখা গৈছিল তাত অলপ ভেটা পৰিছে আৰু বাস্তৱিকতেও বিহুৰ এই গতিত এটা বিৰতি অহাটো সাংস্কৃতিক কাৰণতেই প্রয়োজন আছিল৷ বিহু এটি লোক–উৎসৱ আৰু জাতীয় উৎসৱ৷ কিন্তু প্রতিযোগিতামূলক আচৰণ, বিভিন্ন বাণিজ্যিক কোম্পানীৰ অংশগ্রহণ আৰু বিপুল পৰিমাণৰ অর্থৰ সংযোজনে বিহুৰ পৰা লোক–উৎসৱৰ চেহেৰা আৰু আবেদন কাঢ়ি নিছিল৷ জাতীয় উৎসৱৰ চেহেৰাটোক এটা কস্ম’পলিটান চেহেৰাই ঢ়াকি পেলাইছিল৷ একেই কাৰণতে বিহুৰ অনুষ্ঠানবোৰ মূলতঃ ৰূপান্তৰিত হৈ পৰিছিল কোনোবা বাণিজ্যিক প্রতিষ্ঠানে আয়োজন কৰা অনুষ্ঠানৰ দৰে পেছাদাৰী অনুষ্ঠান৷ তেনেদৰে আধুনিকতা বা প্রদর্শনৰ প্রয়োজন বুলি কোৱা কাৰণতেই বিহু গীত আৰু বিহু নাচৰ পৰাও লোক–সংস্কৃতিৰ ৰূপ–মাধুর্য আঁতৰি গৈছিল৷ সংগীত বা নৃত্যত আধুনিকতাৰ পৰশ বা আধুনিক সংযোজনৰ সংযোগ একো দোষণীয় কথা নহয়, কিন্তু এই আধুনিকতাৰ সংযোজনে লোককলাৰ চৰিত্র নষ্ট কৰাটোহে দোষণীয় কথা৷ এই পৰিৱেশ আৰু চর্চাক বাধা দি লোককলাৰ চৰিত্র ওভতাই অনাৰ বাবে বিহু অনুষ্ঠান আয়োজনৰ ক্ষেত্রত যি এটি বিৰতিৰ প্রয়োজন আছিল, সেই প্রয়োজন স্বাভাৱিকভাৱেই আহি পৰা যেন লাগে৷ এই বিৰতিৰ সময়তে বিহুৰ আয়োজকসকলে বিহুৰ মর্যাদা ঘূৰাই অনাৰ কৌশল আৰু কার্যপ্রণালী চিন্তা কৰিব পাৰে৷ ৰাজনৈতিক দলবোৰৰ সাংগঠনিক ভিত্তি মজবুত বাবে দলবোৰে বিহু পতাৰ সময়ত এই কথাটো চিন্তা কৰি সেইমতে আগবাঢ়িলে বিহুৰ প্রতি এটি দায়িত্বপূর্ণ কামৰ আৰম্ভণি কৰা হ’ব ৷

You might also like