শূন্য শতাংশ
সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ প্রকোপত বিশ্বৰ মানৱ সভ্যতা গভীৰ সংকটত পৰাৰ সমান্তৰালভাৱে অর্থনীতিৰ অৱস্থা বিধ্বস্তপ্রায়৷ প্রতিষেধক বা ঔষধ বর্তমান পর্যন্ত আৱিষ্কাৰ নোহোৱাত প্রতিখন দেশে মাৰাত্মক ভাইৰাছৰ সংক্রমণ ৰোধৰ ক্ষেত্রত চৰম প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ কোৱা হৈছে যে ১৯৩০ চনৰ ‘মহামন্দা’ বা ‘দ্য গ্রেট ডিপ্রেচন’ৰ দিশে ক্রমশঃ আগবাঢ়ি গৈছে বিশ্ব অর্থনীতি৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে ভাৰতত সম্প্রতি তৃতীয় পর্যায়ৰ লকডাউন অব্যাহত আছে৷ তৃতীয় পর্যায়ৰ লকডাউনত কৃষি, উদ্যোগখণ্ডৰ লগতে কেতবোৰ দিশত নীতি–নির্দেশনা কেন্দ্রীয় চৰকাৰে শিথিল কৰি দিলেও সামগ্রিকভাৱে লকডাউনৰ প্রভাৱ পৰিছে দেশৰ অর্থনৈতিক বিকাশত৷ বিশেষকৈ ধাৰাবাহিক লকডাউনৰ পৰিণতিত উদ্যোগখণ্ডৰ উৎপাদনত স্থবিৰতাই বিৰাজ কৰাৰ উপৰি নিবনুৱাৰ সংখ্যা বৃদ্ধি, শ্রমিকসকলৰ আয় অতি উদ্বেগজনকভাৱে হ্রাস পোৱা আদিৰ দৰে কেতবোৰ অভাৱনীয় ঘটনা ঘটিছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্রৰ অর্থনীতিৰ যে অৱনতি ঘটাব, তাৰ ইংগিত ইতিপূর্বে পোৱা গৈছে বিভিন্ন সংস্থাৰ সমীক্ষাত৷ অতি শেহতীয়াকৈ বিশ্বৰ আগশাৰীৰ অর্থনৈতিক সমীক্ষা সংস্থা ‘মুডিজ’–এ ভাৰতীয় অর্থনীতিৰ এক ভয়ংকৰ পূর্বাভাস দাঙি ধৰিছে৷ সংবাদ মাধ্যমত প্রকাশিত অনুসৰি চলিত বিত্তীয় বর্ষত ভাৰতৰ সম্ভাব্য মুঠ ঘৰুৱা উৎপাদন, অর্থাৎ জি ডি পি বৃদ্ধিৰ হাৰ শূন্য শতাংশ হ’ব বুলি দাবী কৰিছে ‘মুডিজ’–এ৷ যদিহে সংস্থাটোৰ এই দাবী সত্য হয়, তেন্তে চলিত বিত্তীয় বর্ষত ভাৰতৰ জি ডি পিৰ কোনো বৃদ্ধি নহ’ব৷ নিশ্চিতভাৱে এখন দেশৰ অর্থনীতিৰ কাৰণে এয়া অশনি সংকেত৷ সংস্থাটোৱে তেওঁলোকৰ সমীক্ষাত এইদৰে উল্লেখ কৰিছে– ‘ক’ভিড–১৯ৰ প্রকোপত স্থিতিশীল অর্থনৈতিক অৱস্থা অভাৱনীয়ভাৱে হ্রাস পাব পাৰে৷ গ্রাম্য অর্থনীতিত দীর্ঘম্যাদী প্রভাৱ, নগণ্যসংখ্যক কর্মসংস্থাপন আৰু নন–বেংকিং বিত্তীয় প্রতিষ্ঠানসমূহলৈ নগদ ধন অহাৰ পথ একপ্রকাৰ বন্ধ হৈ পৰাৰ ফলত অর্থনীতি আৰু অধিক দুর্বল হৈ পৰাৰ সম্ভাৱনা আছে৷’ ইয়াতকৈও অধিক বেয়া অৱস্থাৰ ভাৰতে সন্মুখীন হোৱাৰ ইংগিত দি একেটা সমীক্ষাতে কোৱা হৈছে যে আর্থিক বৃদ্ধিৰ হাৰ আশানুৰূপ নহ’লে চৰকাৰে বৃহৎ পৰিমাণৰ ঘাটি বাজেটৰ সন্মুখীন হ’ব লাগিব৷ অৱশ্যে ২০২২–২৩ বিত্তীয় বর্ষত দেশলৈ আর্থিক স্থিতাৱস্থা ঘূৰি আহি জি ডি পি বৃদ্ধিৰ হাৰ ৬.৬ শতাংশত উপনীত হ’ব বুলি সংস্থাটোৱে দাবী কৰিছে৷ দেশ এখনৰ অর্থনীতিৰ অৱস্থা বহুলাংশে নির্ভৰ কৰে জি ডি পিৰ ওপৰত৷ এনে অৱস্থাত জি ডি পি তথা অর্থনীতিক স্থিতিশীল কৰি ৰাখিবলৈ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, তাৰ ওপৰত স্বাভাৱিকতে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷
অর্থনীতিৰ লগত অংগাংগীভাৱে জড়িত হৈ থকা এটা বিষয় হৈছে কর্মসংস্থাপন৷ ধাৰাবাহিক লকডাউনৰ ফলত দেশত কি হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, সেয়া জলজল–পটপট হৈছে ‘চেণ্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী’ (চি এম আই ই)ৰ প্রতিবেদনত৷ লকডাউনৰ পূর্বে দেশত নিবনুৱাৰ হাৰ আছিল ৮.৪১ শতাংশ৷ কিন্তু ইয়াৰ তিনি মাহৰ ভিতৰতে যোৱা ৩ মে’ত শেষ হোৱা সপ্তাহত এই হাৰ বৃদ্ধি পাই হৈছেগৈ ২৭.১১ শতাংশ৷ দেশৰ সাম্প্রতিক পৰিস্থিতিয়ে কিমান ভয়ংকৰ ৰূপ লৈছে, সেয়া বুজিবলৈ আমাৰ বোধেৰে এই পৰিসংখ্যাই যথেষ্ট৷ গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলৰ ছবিখন বেছি উদ্বেগজনক৷ চি এম আই ইৰ পৰিসংখ্যা অনুসৰি যোৱা সপ্তাহত চহৰাঞ্চলত নিবনুৱাৰ হাৰ ২৯.২২ শতাংশলৈ বৃদ্ধি পাইছে, যিটো গ্রামাঞ্চলৰ ক্ষেত্রত হ’ল ২৬.৬৯ শতাংশ৷ লকডাউনৰ ফলত প্রায় সকলো ধৰণৰ উৎপাদনকার্য, কল–কাৰখানা, নির্মাণ আদি বন্ধ হৈ পৰাত লাখ লাখজনে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ ইতিমধ্যে দেশৰ ভিন্ন প্রান্তৰ পৰা কর্মসংস্থাপন হেৰুওৱা বহু প্রব্রজনকাৰী শ্রমিকে গৃহাভিমুখী হৈছে, অনেকে এতিয়াও নিজ ৰাজ্যলৈ অহাৰ বাবে অপেক্ষাৰত৷ পৰিস্থিতি জটিল হ’লেও এই শ্রমিকসকলক নতুন কর্মসংস্থাপন দিয়াৰ দায়িত্বও চৰকাৰৰে৷ বিশেষকৈ দেশৰ ভগ্ণ অর্থনীতিক গতিশীল কৰি তোলাৰ স্বার্থত৷