সুখৰ দিনবোৰ
এসময়ত আব্দুল ৰহম নামৰ এজন ৰজা আছিল৷ স্পেইনত আৰব আৰু মুৰসকলৰ সাতশ বছৰীয়া ৰাজত্বকালৰ কোনোবা এটা সময়ত আব্দুল ৰহম আছিল সেই যুগৰ এজন মহা–প্রতাপী ৰজা৷
প্রসংগতঃ কৈ থ’ব খোজোঁ যে স্পেইনত আৰব আৰু মুৰসকলৰ ৰাজত্বকাল আছিল মানৱ জাতিৰ ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা৷ যি সময়ত ধর্মীয় গোড়ামিয়ে ইউৰোপৰ প্রশ্ণশীলতাক স্তব্ধ কৰি ৰাখিছিল, তেনে এটা সময়তে নতুনকৈ ইছলাম ধর্মত দীক্ষিত হোৱা আৰবসকল সেই যুগৰ পৃথিৱীৰ প্রধান ৰাজনৈতিক আৰু সাংস্কৃতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল৷ ৰাজনৈতিক শক্তিৰ গইনা লৈ যি সমৃদ্ধিশালী আৰব সভ্যতা গঢ় লৈ উঠিছিল, সেই আৰব সভ্যতা আছিল পৃথিৱীৰ সেই যুগৰ শ্রেষ্ঠ সভ্যতা৷ শিক্ষা, সাহিত্য, বিজ্ঞান, দর্শন, গণিত, চিকিৎসা বিজ্ঞান, জ্ঞান চর্চাৰ সকলো ক্ষেত্রতে আৰবসকলেই আছিল সেই যুগৰ প্রধান নায়ক৷ ৬৪২ খ্রীষ্টাব্দত আলেকজেন্ড্রিয়া আৰবসকলৰ দখললৈ অহাৰ পিছত আৰব পণ্ডিতসকলে তাৰ বিশ্ববিখ্যাত পুথিভঁৰালত সংগৃহীত হৈ থকা গ্রীক গ্রন্থসমূহ অধ্যয়ন কৰিবলৈ আৰু লগতে সেইবোৰ গ্রন্থ আৰবী ভাষালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰে৷
৭১১ খ্রীষ্টাব্দত আৰব আৰু মৰক্কোৰ মুৰসকলে লগ লাগি স্পেইন দখল কৰে৷ আৰবসকলে তেওঁলোকৰ জ্ঞানভাণ্ডাৰ স্পেইনলৈ লৈ যায়, আৰু ইউৰোপীয়সকলৰ মাজত সেই জ্ঞান বিতৰণ কৰি সভ্যতাৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰে৷
মুছলমান শাসনৰ সময়ত স্পেইনত জ্ঞান চর্চাৰ দুটা ডাঙৰ কেন্দ্র গঢ় লৈ উঠিছিল ঃ কর্ডোভা আৰু টলেড’৷ কর্ডোভাৰ আৰব চিকিৎসা–বিজ্ঞানীসক ৰচনা লেটিন ভাষালৈ অনূদিত হৈ সমগ্র ইউৰোপতে বিয়পি পৰিছিল৷ জ্যোতির্বিজ্ঞানৰ চর্চাৰ ক্ষেত্রতো কর্ডোভাৰ আৰব পণ্ডিতসকলেই আছিল সেই সময়ত ইউৰোপৰ শিক্ষক আৰু পথ প্রদর্শক৷
কর্ডোভাৰ পতনৰ পিছত জ্ঞান–সাধনাৰ কেন্দ্র হিচাপে কর্ডোভাৰ ঠাই ল’লে টলেড’ৱে৷ ইউৰোপৰ আটাইবোৰ ঠাইৰ পৰা অহা পণ্ডিত আৰু বিদ্যার্থীসকল টলেড’ত সমৱেত হৈছিল, আৰু তেওঁলোকে আৰবী ভাষাৰ গ্রন্থবোৰ লেটিন ভাষালৈ অনুবাদ কৰি সমগ্র ইউৰোপতে এটা নতুন ভাব আন্দোলনৰ সূচনা কৰিছিল৷ এই আৰবী ভাষাৰ গ্রন্থবোৰৰ ভিতৰত আছিল প্রাচীন গ্রীক দার্শনিকসকল আৰু বিশেষকৈ এৰিষ্ট’টলৰ অমৰ ৰচনাৱলী৷ আৰবী ভাষাৰ পৰা লেটিনলৈ অনূদিত হৈ এৰিষ্ট’টলৰ ৰচনাৱলী যেতিয়া বাৰ শতিকাত সমগ্র ইউৰোপত বিয়পি পৰিল, তেতিয়া ইউৰোপৰ মনৰ মাজেদি বিস্ময় আৰু আনন্দৰ এটা বিজুলী সোঁত বৈ গ’ল৷ ইউৰোপে প্রথমবাৰৰ বাবে এৰিষ্ট’টলক আৱিষ্কাৰ কৰিলে আৰু তাৰ ফলত ইউৰোপীয় চিন্তাত এটা নতুন যুগৰ সূচনা হ’ল৷ কোৱা বাহুল্য মাথোন যে এৰিষ্ট’টলৰ লগত ইউৰোপক চিনাকি কৰি দিয়াৰ সকলো কৃতিত্ব আৰবসকলৰ প্রাপ্য৷
স্পেইনত সাতশ বছৰ ৰাজত্ব কৰা আৰব বংশীয় ৰজাসকলৰে কোনোবা এজন আছিল আব্দুল ৰহম৷
আব্দুল ৰহমে এখন আত্মজীৱনী লিখিছিল৷ আত্মজীৱনীখনত এঠাইত তেওঁ লিখি থৈ গৈছে–‘মই আঢ়ৈকুৰি বছৰ ধৰি মোৰ ৰাজ্যত পৰম বিক্রমেৰে ৰাজত্ব কৰিছোঁ৷ অনেক যুদ্ধ জয়ৰ পিছত এতিয়া মোৰ ৰাজ্যত পূর্ণ শান্তি বিৰাজ কৰিছে৷ মোৰ প্রজাসকলে মোক ভাল পায় মোৰ শত্রুসকলে মোক ভয় কৰে মোৰ বন্ধুসকলে মোক সন্মান কৰে৷ ধন–ঐশ্বর্য, যশ–গৌৰৱ, ক্ষমতা, বিলাস–ব্যসনৰ উপকৰণ– একোৰে মোৰ অভাৱ নাই৷ পার্থিৱ ভোগৰ কাৰণে মানুহে বিচৰা সকলো বস্তুকেই মই পাইছোঁ৷ এনে এটা পৰিস্থিতিত এদিন মোৰ জানিবলৈ মন গ’ল ঃ এনেকুৱা কেইটা দিন মোৰ জীৱনলৈ আহিছিল– যিকেইটা দিনত মই প্রকৃত বিমল সুখৰ অভিজ্ঞতা লাভ কৰিছিলোঁ? এদিন মই হিচাপ কৰিবলৈ বহি গ’লোঁ৷ খুব যত্ন কৰি হিচাপ কৰি মই দেখিলোঁ– মোৰ সুদীর্ঘ জীৱনলৈ অহা তেনে সুখৰ দিনৰ সংখ্যা মাত্র চৈধ্য’
প্রিয় পাঠক, আপুনিও এদিন নিজৰ জীৱনৰ সুখৰ দিনৰ সংখ্যা বাহিৰ কৰিবলৈ বহি যাওকচোন৷ ছক্রেটিছে কৈছিল– ‘যিটো জীৱন পৰীক্ষা কৰি চোৱা নহয়, সেই জীৱন যাপন কৰাৰ যোগ্য নহয়৷’ সুখৰ দিন বাছিবলৈ যাওঁতে আপুনি নিজৰ জীৱনটো পৰীক্ষা কৰি চাবলৈ সুযোগ পাব৷ তদুপৰি আপুনি সুযোগ পাব নিজকে প্রশ্ণ কৰিবলৈ৷ একমাত্র মানুহেই প্রশ্ণ কৰে কোনো ইতৰ প্রাণীয়ে প্রশ্ণ নকৰে৷ মানুহক মানুহ কৰিছে এই প্রশ্ণশীলতাই মানুহে সকলো সময়তে নিজৰ মনত কঢ়িয়াই লৈ ফুৰা সহস্র প্রশ্ণৰ কোলাহলে৷