ৰুছ ৰাষ্ট্রপতি পুটিনৰ আক্ষেপ
ছোভিয়েট ইউনিয়নৰ পতন আছিল বিগত শতিকাত বিশ্বৰ আটাইতকৈ ভূ–ৰাজনৈতিক দুর্যোগ৷ ১৯১৭ চনৰ বিপ্লৱৰ পিছত প্রথমখন দেশ হিচাপে ৰাছিয়াত প্রতিষ্ঠা হৈছিল সমাজবাদ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ দুর্যোগত ৰাছিয়াৰ সুদক্ষ শাসক যোছেফ ষ্টেলিনে পূব ইউৰোপৰ ক্ষুদ্র ক্ষুদ্র ৰাষ্ট্রসমূহক ঐক্যবদ্ধ কৰিছিল ফেচীবাদী শক্তিৰ বিৰুদ্ধে৷ ছোভিয়েট ইউনিয়ন হিচাপে সমাজবাদী দুর্গ অক্ষত ৰাখিবলৈ চেষ্টা চলাইছিল ষ্টেলিনে৷ বিগত শতিকাৰ ৯০ৰ দশকটোৰ আৰম্ভণিতে সমাজবাদৰ দুর্গত গোপনে প্রৱেশ ঘটা পুঁজিতন্ত্রৰ এজেণ্টবোৰৰ ষড়যন্ত্রৰ বাবেই ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল৷ লগে লগে আমেৰিকাকে ধৰি পাশ্চাত্যৰ দেশসমূহে একনায়কৰ শাসন ব্যৱস্থাৰ অন্ত হোৱা বুলি চিঞৰ–বাখৰ কৰিছিল৷ আনকি ছোভিয়েটৰ সমাজতান্ত্রিক শাসন ব্যৱস্থা বিশ্বৰ বাবে অভিশাপ আছিল বুলিও মার্কিন গণতন্ত্রৰ প্রবক্তাসকলে প্রচাৰ চলাইছিল৷ কিন্তু সমাজতান্ত্রিক দুর্গ পতনৰ তিনিটা দশক পিছত ৰাছিয়াৰ ৰাষ্ট্রপটি ভ্লাডিমিৰ পুটিনে অকপটে স্বীকাৰ কৰিছে যে ছোভিয়েট ইউনিয়নৰ ভাঙোন ৰাছিয়া তথা অন্যান্য দেশসমূহৰ বাবে আছিল এক ট্রেজেদী৷ ৰাছিয়াৰ ইতিহাসত এনে ট্রেজেদী কেতিয়াও সংঘটিত হোৱা নাই বুলি শেহতীয়াকৈ এক তথ্যচিত্রত উল্লেখ কৰিছে পুটিনে৷ পূর্বৰ ছোভিয়েট আমোলত চোৰাংচোৱা সংস্থা কেৰিবিৰ বিষয়া পুটিন ছোভিয়েট ইউনিয়নৰ পতনৰ সময়ত আছিল জার্মানীত৷ ছোভিয়েটৰ পতনৰ লগে লগে কেজিবিৰো পতন নিশ্চিত হৈ পৰিছিল৷ ৰাছিয়ালৈ ঘূৰি আহিছিল সংস্থাটোৰ বিষয়া পুটিন৷ কিন্তু মুহূর্তৰ ভিতৰতে সমাজতান্ত্রিক দুর্গৰ পতনৰ লগে লগে সমগ্র ৰাছিয়াত সৃষ্টি হৈছিল দুর্ভিক্ষ৷ বিশ্বৰ আটাইতকৈ সংস্কৃতিৱান মহানগৰ হিচাপে ছোভিয়েট আমোলত পৰিচিত হৈছিল মস্কো৷ বিদেশী অতিথিক আদৰিবলৈ সদায় মস্কোৰ বিমানবন্দৰত সাজু হৈ আছিল বেলে নর্টকীৰ জাক৷ কিন্তু ছোভিয়েটৰ পতনৰ পিছত মস্কোৰ এই নর্টকীসকলে বিদেশীত পতিতাবৃত্তি গ্রহণ কৰিবলগীয়া হৈছিল৷ কিমান ভয়াৱহ আছিল ছোভিয়েটত্তোৰ ৰাছিয়াৰ পৰিস্থিতি, সেয়া কল্পনা কৰিব নোৱাৰিব৷ শেহতীয়াকৈ ৰাষ্ট্রপতি পুটিনে ‘ৰাছিয়া ঃ ৰিছেণ্ট হিষ্ট্রী’ শীর্ষক তথ্যচিত্রত উল্লেখ কৰিছে যে সমাজতান্ত্রিক ছোভিয়েট ইউনিয়নৰ পতন আছিল ৰাছিয়াৰ ঐতিহাসিক পতন৷
পুটিনৰ বক্তব্যত সদৰী হৈছে সেই সময়ৰ দুঃসহ পৰিস্থিতিৰ কথা৷ আনকি কেজিবিৰ বিষয়ববীয়া পুটিনে ছেইণ্টপিটার্ছবার্গৰ প্রাক্তন আনাটলী ছ’বচাকৰ এগৰাকী কর্মী হিচাপে নতুন কামত নিয়োজিত হ’বলগীয়া হৈছিল৷ এই কথা নিজৰ জীৱনীত উল্লেখ কৰিছে ৰাছিয়াৰ ৰাষ্ট্রপতি তথা বিশ্বৰ অন্যতম প্রভাৱশালী নেতা পুটিনে৷ নেতাগৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে সেই সময়ত পৰিয়াল পোহপাল দিয়াটো সমস্যা হৈ পৰিছিল বহু ৰাছিয়ানৰ বাবে৷ আনকি পুটিনে নিজে টেক্সি চলাবলগীয়া হৈছিল পিটাৰবার্গৰ ৰাজপথত৷ ৰাছিয়াত সেই সময়ত কোনো টেক্সিৰ ব্যৱস্থা নাছিল৷ কিন্তু ব্যক্তিগত বাহনকে টেক্সি হিচাপে ব্যৱহাৰ কৰিছিল বহু লোকে৷ অর্থনৈতিক পৰিস্থিতি ৰাছিয়াত এনে শোচনীয় হোৱাৰ বিপৰীতে ছোভিয়েট ইউনিয়নৰ পৰা আঁতৰি গৈ স্বাধীনতা ঘোষণা কৰা অন্য ১৫খন গণৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল৷ লক্ষণীয়ভাৱে লাটভিয়া, লিথুৱানিয়া, ইউক্রেইন, তাজিকিস্তান, তুর্কমেনিস্তান আদি গণৰাজ্যসমূহৰ অর্থনীতি ভাগি পৰিছিল৷ গৃহযুদ্ধ আৰম্ভ হৈছিল ছোভিয়েট আমোলত সমৃদ্ধিৰ শিখৰত উঠা বেলাৰুছৰ দৰে দেশবোৰত৷ এই কথা সাম্রাজ্যবাদ তথা মার্কিন গণতন্ত্রৰ প্রবক্তাসকলে বিগত তিনি দশক ধৰি গাপ দি আহিছে যদিও ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ অন্তৰত সেই ভয়াৱহ দিনৰ স্মৃতি আজিও সজীৱ হৈ আছে৷ পুটিনে আক্ষেপ কৰিছে যে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সৃষ্টি হোৱা দুর্ভিক্ষৰ বাবে নিজৰ দুই কণমানি শিশুক লালন–পালন কৰাটো তেওঁৰ বাবে সমস্যা হৈ পৰিছিল৷ গতিকে টেক্সি চলাই পৰিয়ালৰ তাগিদাত অতিৰিক্ত উপার্জনৰ পথ বিচাৰি লৈছিল আজিৰ শক্তিশালী ৰাষ্ট্রনেতাগৰাকীয়ে৷ ১৯৯১ চনত ছোভিয়েটৰ সমাজতান্ত্রিক দুর্গৰ পতন আছিল দেশখনত পূর্বৰে পৰা বিপ্লৱী ৰাজনীতিৰ নামত চলি অহা সংশোধনবাদৰ পৰিণাম৷ মিখাইল গর্বাছেভৰ দৰে নেতাসকলে আমেৰিকা তথা পাশ্চাত্যৰ চর্ত মানি ছোভিয়েট ইউনিয়নক বিভিন্ন সমস্যাৰ সন্মুখীন কৰাইছিল৷ অৱশ্যে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছতো ৰাছিয়াই পুনৰ এক শক্তি হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হয়৷ তথাপি ৰাষ্ট্রপতি পুটিনৰ মতে ছোভিয়েট ইউনিয়নৰ পতন দেশখনৰ ইতিহাসৰ পতন হিচাপে সদায় চিহ্ণিত হৈ থাকিব৷