সক্রিয় গৃহ বিভাগ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণ কৰাৰ পাছৰে পৰা ৰাজ্যখনৰ গৃহ বিভাগ সক্রিয় হৈ পৰা পৰিলক্ষিত হৈছে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীজনৰ কঠোৰ স্থিতিৰ বাবেই এতিয়া ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ৰাজ্য এখনৰ বাবে গৃহ বিভাগটো সবাতোকৈ গুৰুত্বপূর্ণ বিভাগ৷ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিৰ নিয়ন্ত্রণকে ধৰি অপৰাধজনিত কার্যকলাপ ৰোধৰ দায়িত্ব অর্পিত হৈ থাকে গৃহ বিভাগৰ হাতত৷ বিশেষকৈ চোৰাংচোৱা বিভাগটোও গৃহ বিভাগৰ অধীনত থকা বাবে এই বিভাগটোৰ গুৰুত্ব অপৰিসীম৷ ৰাজ্যখনত কিধৰণৰ কার্যকলাপ অব্যাহত আছে, সেয়া সম্পূর্ণ গৃহ বিভাগৰ নজৰত থাকে৷ সেই বাবে এই বিভাগটোৰ সক্রিয়তা ৰাজ্যৰ জনসাধাৰণৰ স্বার্থত অতিকে গুৰুত্বপূর্ণ৷ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ খাতিৰত গৃহ বিভাগ সকলো সময়তে কার্যক্ষম হৈ থকাটো বিশেষভাৱে জৰুৰী৷ বিগত সময়ত ৰাজ্যৰ গৃহ বিভাগৰ সক্রিয়তা বহু পৰিমাণে হ্রাস পোৱা পৰিলক্ষিত হৈছিল৷ সেই বাবেই অসমত বিভিন্ন অপৰাধজনিত ঘটনা, ছিণ্ডিকেট, অবৈধ কার্যকলাপ, চোৰাং বেহা–বেপাৰ আদি অব্যাহত আছিল৷ এইক্ষেত্রত প্রশাসনৰ বৰমূৰীয়াৰ আশীর্বাদ থকাৰো অভিযোগ উত্থাপন হৈ আহিছিল৷ কিন্তু চৰকাৰ পৰিৱর্তন হোৱাৰ লগে লগে গৃহ বিভাগটো সক্রিয় কৰি তোলাৰ ফলত এতিয়া ৰাজ্যখনত পূর্বৰে পৰা সংঘটিত হৈ অহা চোৰাং বেহা–বেপাৰ, অপৰাধৰ সাম্রাজ্য তথা অবৈধ ছিণ্ডিকেটৰাজৰ ভেটিত কঁপনি উঠিছে৷ শেহতীয়াকৈ অসম আৰক্ষীয়ে ড্রাগ্ছ আৰু চোৰাং গো–ধন ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ড্রাগ্ছ আৰু চোৰাং গৰু ব্যৱসায়ৰ সৈতে জড়িত চক্রৰ কাণ্ডাৰী বহুতক গ্রেপ্তাৰ কৰাৰ লগে লগে এই অন্ধকাৰ জগতখনৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ ড্রাগ্ছৰ সর্বগ্রাসী ৰূপৰ ফলত অসমৰ নতুন প্রজন্ম কিদৰে ধ্বংসৰ গৰাহলৈ গতি কৰিছে, সেয়া এতিয়া উন্মোচিত হৈ পৰিছে৷ এই ড্রাগ্ছৰ ব্যৱসায়ত কেনেদৰে কোটি কোটি টকা বিনিয়োগ হৈ আহিছে, ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰাৰ পাছত প্রকাশ পাইছে৷ কোটি কোটি টকাৰ ড্রাগ্ছৰ লগতে যি হাৰত নগদ ধন জব্দ হৈছে, তাৰ পৰাই এই চোৰাং ব্যৱসায়ৰ সৈতে কিমান টকাৰ আদান–প্রদান হৈ আছে, সেয়া স্পষ্ট হৈ পৰিছে৷ ৰাজ্যৰ গৃহ বিভাগে ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানৰ সকলো সচেতন নাগৰিকে একমুখে প্রশংসা কৰাই নহয়, এনে সর্বগ্রাসী চোৰাং ব্যৱসায়ে পুলিয়ে–পোখাই উভালি দিয়াটো মনে–প্রাণে কামনা কৰিছে৷ অসম আৰক্ষীৰ কঠোৰ ড্রাগ্ছবিৰোধী অভিযানে গৃহ বিভাগৰ হূত মর্যাদা ঘূৰাই আনিবলৈ সক্ষম হোৱাটো ৰাজ্যখনৰ বাবে মংগলদায়ক বুলি বিবেচিত হৈছে৷
অসমত গো–ধনৰ চোৰাং ব্যৱসায় চলি অহা বুলি দীর্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছিল৷ বিশেষকৈ অসমৰ মাজেৰে উত্তৰ ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ হৈ থকাৰ বিভিন্ন তথ্য বিগত সময়ত প্রকাশ পাই আহিছিল৷ ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ পাছত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া কঠোৰ অভিযান আৰম্ভ কৰিছে৷ এই সৰবৰাহৰ সৈতে জড়িত বহু ধনাঢ়্য খলনায়ক ইতিমধ্যে আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছে৷ ইয়াৰ পাছতে এই অবৈধ ব্যৱসায়ৰ সৈতে ৰাজ্যৰ বিভিন্ন প্রভাৱশালী ব্যক্তি জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ তাৰ পাছতো আৰক্ষীয়ে এইক্ষেত্রত কঠোৰ অভিযান অব্যাহত ৰখাত সকলোৱে সন্তুষ্টি প্রকাশ কৰিছে৷ একেদৰে চোৰাং বার্মিজ চুপাৰি, কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধেও আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান৷ এনে অভিযানে এতিয়া ছিণ্ডিকেটৰ ক’লা সাম্রাজ্যত হাহাকাৰ সৃষ্টি কৰিছে৷ তদুপৰি সামাজিক অপৰাধজনিত ঘটনাৰ ক্ষেত্রতো কঠোৰ হৈ পৰিছে অসম আৰক্ষী৷ শুকুৰবাৰে আনকি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মৰিগাঁৱৰ এক বলাৎকাৰৰ ঘটনাৰ বাবে নিজে থানাত উপস্থিত হৈ সমগ্র ঘটনাৰ পর্যবেক্ষণ কৰা বিষয়টোৱে এনে অপৰাধমূলক ঘটনাৰ ক্ষেত্রত আৰক্ষীক কঠোৰ হ’বলৈ বাধ্য কৰাইছে৷ ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্রীগৰাকীয়েই যদি এনেদৰে নিজে গৈ অপৰাধ সংঘটিত হোৱা আৰক্ষী থানাত উপস্থিত হয়, সেয়া ৰাজ্যখনৰ বাবে অতিকৈ আশাৰ বতৰা৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ ডেৰ মাহত গৃহ বিভাগে যি তৎপৰতা প্রদর্শন কৰিছে, তেনে তৎপৰতাই ৰাজ্যখনত অপৰাধ নিয়ন্ত্রণৰ ক্ষেত্রত সফল হ’ব বুলি আশা প্রকাশ কৰিব পাৰি৷ বিশেষকৈ মুখ্যমন্ত্রীয়ে গ্রহণ কৰা উদ্যোগে আৰক্ষীক অপৰাধ নিয়ন্ত্রণ–ছিণ্ডিকেট উৎখাত আৰু চোৰাং ব্যৱসায় প্রতিৰোধৰ ক্ষেত্রত কঠোৰ হ’বলৈ বাধ্য কৰাইছে৷ এনে কার্যই এতিয়া বছৰ বছৰ ধৰি নির্লিপ্ত হৈ থকা গৃহ বিভাগটোক গতিশীল কৰি তোলাটো ৰাজ্যখনৰ বাবে অতি শুভলক্ষণ হিচাপে বিবেচিত হৈছে৷