বিপিএফৰ পৃষ্ঠভংগ
ৰাজনীতিত স্থায়ী শত্রু নাই, মিত্রও নাই৷ ভাৰতীয় ৰাজনীতিত ই এটা তেনেই সাধাৰণ ঘটনা৷ আজি যদি এইটো শিবিৰত, কাইলৈ বিপৰীত শিবিৰত৷ ৰাজনৈতিক দল আৰু নেতাৰ আহ–যাহ চলিয়েই থাকে৷ যেতিয়া নির্বাচনী বতৰ আহি উপস্থিত হয়, তেতিয়া শত্রু–মিত্র বাছনিৰ খেলখন অধিক গতিশীল হৈ পৰে৷ এদিনতে দুই–তিনিটা শিবিৰ সলনি কৰা ঘটনাও সংবাদ মাধ্যমত পোৱা যায়৷ অসমৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনত ইয়াৰ অন্যতম উদাহৰণ আছিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ৷ বিগত পাঁচ বছৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ হৈ থকা দলটো ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত চামিল হয়৷ ইয়াৰ পূর্বে দলটো কংগ্রেছৰে সহযোগী দল হিচাপে দিছপুৰত শাসনৰ অংশীদাৰ আছিল৷ বি পি এফৰ একাংশ শীর্ষ নেতাই এতিয়া পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটত চামিল হোৱাৰ ইচ্ছা প্রকাশ কৰিছে৷ দলটোৰ ৰাজনৈতিক পৰিক্রমালৈ লক্ষ্য কৰিলে দেখা যায়, বি পি এফে ২০২১ চনৰ পূর্বে অনুষ্ঠিত বিধানসভা নির্বাচনত চৰকাৰ গঠন কৰিব পৰা দলৰ সৈতে মিত্রতাত আবদ্ধ হৈছে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনত দলটোৰ সেই নির্বাচনী অংক নিমিলিল৷ বি পি এফে কংগ্রেছ–এ আই ইউ ডি এফৰ হাতত ধৰি দিছপুৰ দখল কৰিব বিচাৰিছিল যদিও জনসাধাৰণে গ্রহণ নকৰিলে৷ তাৰে কেইমাহমান পূর্বে অনুষ্ঠিত বিটিচিৰ সাধাৰণ নির্বাচনতো দলটো অলপৰ বাবে ক্ষমতাৰ পৰা উৎখাত হ’বলগীয়া হয়৷ বি পি এফৰ একাংশই পুনৰ বিজেপি শিবিৰলৈ প্রত্যাৱর্তন ঘটাব বিচৰাৰ আঁৰত দুয়োটা নির্বাচনৰ নিবিড সম্পর্ক আছে৷ এটা কথা সর্বজনবিদিত যে গঠন হোৱাৰ পিছৰে পৰা বি পি এফে ধাৰাবাহিকভাৱে নির্বাচনী সাফল্য লাভ কৰি আহিছে৷ দলটো গঠনৰ প্রায় লগে লগে নেতৃত্বৰ হাতলৈ আহে বিটিচিৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ দায়িত্ব৷ তাৰ পিছত প্রথমটো পৰিষদীয় সাধাৰণ নির্বাচনত দলটোৱে বৃহৎ সাফল্য অর্জন কৰিবলৈ সক্ষম হয়৷ এই সাফল্যৰ পিছতে পৰিষদীয় অঞ্চলত থকা বিৰোধী শিবিৰৰ প্রায় প্রতিটো ৰাজনৈতিক দল বি পি এফৰ লক্ষ্য হৈ পৰে৷ ই কেতিয়াবা সংঘাত, কেতিয়াবা ভয়–ভাবুকি নাইবা কেতিয়াবা স্বাভাৱিক ৰূপত প্রতিফলিত হয় আৰু প্রতিপক্ষক একপ্রকাৰ নিস্তেজ কৰি বি পি এফ পৰিষদীয় অঞ্চলৰ একচ্ছত্রী সম্রাটৰ দৰে হৈ পৰে৷
বিটিচিৰ দৰে বিধানসভা নির্বাচনতো আশাতীত সাফল্য লাভ কৰি ৰাজ্যৰ ৰাজনীতিত বি পি এফ আৰু হাগ্রামা মহিলাৰীয়ে নিজৰ বাবে এটা গুৰুত্বপূর্ণ আৰু অনুপেক্ষণীয় স্থান এটা উলিয়াই লয়৷ অৰণ্যৰ পৰা ওলাই আহিয়েই শান্তি চুক্তিৰ লগে লগে প্রায় একুৰি বছৰ ধাৰাবাহিকভাৱে ক্ষমতাৰ সোৱাদ লাভ কৰা ৰাজনৈতিক দলটোৰ বাবে ক্ষমতাৰ পৰা আঁতৰি থকাৰ বেদনা সহ্য কৰাটো সহজসাধ্য নাছিল৷ বিটিচিৰ শাসন হেৰুওৱাৰ পিছতো দলটোৰ নেতৃত্বই আশা কৰিছিল মহাজোঁটৰ জৰিয়তে দিছপুৰ দখল কৰিব পাৰিলে পুনৰ কোকৰাঝাৰ দখল কৰাটো কঠিন নহ’ব৷ পৰিষদত বি পি এফৰ সদস্য সংখ্যাও তাকৰ নহয়৷ কিন্তু বিধানসভা নির্বাচনত মহাজোঁট বিফল হ’ল৷ অর্থাৎ মহাজোঁটৰ অংশীদাৰ হৈ থকা মানে নির্বাচনলৈ ৫ বছৰ অপেক্ষা কৰাৰ বিকল্প নাই, যদিহে কোনো বিশেষ পৰিস্থিতিৰ সৃষ্টি নহয়৷ ক্ষমতাহীন হৈ থকাৰ অভিজ্ঞতা নথকা দলটোৰ নেতৃত্বৰ বাবে এনে অৱস্থা হজম কৰিব নোৱৰা বিধৰ৷ সেয়ে বিধানসভা নির্বাচনৰ ফলাফল ঘোষিত হোৱাৰ দুমাহ নৌহওঁতেই অস্থিৰ–শান্ত হৈ পৰিছে বি পি এফৰ একাংশ শীর্ষ নেতা৷ তেওঁলোকে ক্ষমতাত থকা শিবিৰলৈ উভতিব বিচাৰিছে৷ ইয়াৰ বাবে আনকি দলত্যাগ পর্যন্ত কৰিবলৈ সাজু দুই–এজন নেতা৷ ইয়াৰ মাজতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য দিছে৷ তেওঁৰ মতে, হাগ্রামা মহিলাৰীৰ দুর্নীতিৰ তদন্তৰ বাবে চৰকাৰ সাজু হৈছে৷ হাগ্রামা এতিয়া পলাতক৷ অর্থাৎ দুর্নীতিৰ তদন্তৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ হাগ্রামা মহিলাৰীক এতিয়া লাগে শাসক পক্ষৰ আশীর্বাদ৷ ভাৰতবর্ষত বহু ৰাজনৈতিক নেতাই দুর্নীতিৰ গোচৰৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ৰাজনৈতিক শিবিৰ সলনি কৰাৰ নজিৰ আছে৷ বিটিচিত বিৰোধীৰ শক্তিক শূন্যপ্রায় কৰি বি পি এফে প্রায় একনায়কত্ববাদ চলাইছিল৷ দলটোৰ নেতৃত্বৰ বিৰুদ্ধে প্রতিপক্ষই দুর্নীতিৰ অভিযোগ তুলি বিটিচি নির্বাচনত সফল হৈছিল৷ গতিকে বি পি এফ নেতাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ মিছা নহ’বও পাৰে৷ ইয়াৰ পৰা ভয়ৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়৷ অৱশ্যে বি পি এফক পুনৰ মিত্রদল ৰূপে বিজেপিয়ে আঁকোৱালি ল’ব নে নাই, সেইটো এটা গুৰুত্বপূর্ণ প্রশ্ণ৷ কোকৰাঝাৰ আৰু দিছপুৰত ইউ পি পি এলৰ সৈতে বিজেপিৰ মিত্রতাত এই মুহূর্তলৈকে আউল লগা নাই৷ বিষয়টোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এতিয়ালৈকে বিশেষ প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও বিপিএফ নেতাৰ আগ্রহক নস্যাতো কৰা নাই৷ তেওঁ চৰকাৰখনক সমর্থন জনোৱা সকলো দলৰ সৈতে মিলি আগুৱাই যোৱাৰ ইচ্ছা ব্যক্ত কৰিছে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই বিপিএফৰ তৰফৰ পৰা মিত্রতাৰ আনুষ্ঠানিক প্রস্তাৱ অহা নাই বুলি কৈ বিষয়টো তাতেই সামৰণি মৰাৰ চেষ্টা চলাইছে৷