উপ–নির্বাচনৰ শিকনি
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত শাসকীয় দলৰ চমকপ্রদ সাফল্যই ৰাজ্যখনৰ আগন্তুক ৰাজনীতিলৈ বিশেষ বার্তা কঢ়িয়াই আনিছে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ ছমাহৰ ভিতৰতে অনুষ্ঠিত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত শাসকীয় বিজেপি আৰু ইউপিপিএলৰ জয়যাত্রাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহৰ প্রার্থীসকল শোচনীয়ভাৱে পৰাজিত হৈছে৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চমকপ্রদ সাফল্যৰ বাবে ঘাইকৈ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাক অন্যতম কাৰক বুলি ৰাজনৈতিক নেতা আৰু বিশ্লেষকে চিহ্ণিত কৰিছিল৷ সদ্যসমাপ্ত উপ–নির্বাচনৰ পূর্বে মিত্রতা ভংগ কৰা কংগ্রেছ আৰু এআইইউডিএফৰ অৱস্থা পূর্বতকৈ শোচনীয়হে হৈছে৷ একেদৰে ১৭ বছৰৰ ৰাজ্যৰ বড়ো ৰাজনীতিক নির্ণায়ক কৰি তোলা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ অৱস্থাও শোচনীয় হৈছে উপ–নির্বাচনত৷ বিজেপি, অসম গণ পৰিষদ আৰু ইউপিপিএলৰ মিত্রজোঁট যে ক্রমে শক্তিশালী হৈছে, সেয়া উপ–নির্বাচনৰ ফলাফলে প্রমাণ কৰিলে৷ ছমাহ পূর্বে অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ ব্যাপক সফলতাৰ মাজতো ৰাজ্যখনৰ একাংশ সমষ্টি বিৰোধীৰ দখলত আছিল৷ উপ–নির্বাচন অনুষ্ঠিত হোৱা গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিকেইটাত মহাজোঁটৰ প্রার্থী জয়ী হৈছিল৷ কিন্তু এই সমষ্টিকেইটাত শাসকীয় দলে ব্যাপক ভোটৰ ব্যৱধানত উপ–নির্বাচনত জয়লাভ কৰাৰ পিছত বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকলৰ মাজত হতাশা বিৰাজ কৰাটো স্বাভাৱিক৷ নির্বাচনত জয়–পৰাজয় থাকিবই৷ ৰাজনীতিত উত্থান–পতনৰ ঘটনা নতুন নহয়৷ কিন্তু উপ–নির্বাচনত বিৰোধীৰ দখলত থকা সমষ্টিকেইটাত শাসকীয় দলৰ প্রার্থীসকলে ২৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ ফলত শাসকীয় দলৰ নেতা–কর্মীসকলৰ মাজত মনোবল নিশ্চিতভাৱে বৃদ্ধি হ’ব৷ উপ–নির্বাচনৰ ফলাফলত এই ইংগিতে বহন কৰিছে যে আগন্তুক ১০ বছৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁটক অসমত ক্ষমতাচ্যুত কৰাটো বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে সহজসাধ্য নহয়৷ ২০০১ৰ বিধানসভা নির্বাচনত ৭১খন আসন লাভ কৰি দিছপুৰৰ ক্ষমতাত প্রতিষ্ঠিত কংগ্রেছ দলে একেৰাহে তিনিটা কার্যকাল ক্ষমতাত আছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ আসন ৫২লৈ হ্রাস পালেও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সহযোগত কংগ্রেছে দ্বিতীয়টো কার্যকাল সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হৈছিল৷ ২০১১ৰ বিধানসভা নির্বাচনত ৭৯খন আসনত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত কংগ্রেছে ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈছিল৷ ২০০১ৰ পৰা ২০১৬লৈ ৰাজ্যৰ ৰাজনীতিত কংগ্রেছৰ দপ্দপনিৰ বিপৰীতে যোৱা পাঁচ বছৰত সীমাহীন দুর্যোগত বিধ্বস্ত হৈছে সর্বভাৰতীয় দলটো৷ ইয়াৰ বিপৰীতে ২০১৪ৰ লোকসভা নির্বাচনৰ পৰাই ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ চমকপ্রদ উত্থান আৰম্ভ হৈছে৷ বিজেপিৰ এনে উত্থান অব্যাহত থাকিলে আগন্তুক নির্বাচনসমূহত বিৰোধী ৰাজনৈতিক দলসমূহে আশাপ্রদ ফলাফল লাভ কৰাটো সহজসাধ্য নহ’ব৷
গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে বিৰোধী পক্ষও শক্তিশালী হৈ থাকিব লাগিব৷ কিন্তু ক্ষমতাকেন্দ্রিক শাসন ব্যৱস্থাত আমাৰ ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকলে বিৰোধী দলৰ দায়িত্ব পালন কৰিবলৈ ৰাজী নহয়৷ ক্ষমতা দখলৰ অংকত ৰাজনীতি এতিয়া নীতি–আদর্শহীন হৈ উঠিছে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ ছমাহ নৌহওঁতেই তিনিজন বিৰোধী পক্ষৰ বিধায়কে পদত্যাগ কৰি শাসকীয় পক্ষৰ বিধায়ক হোৱাৰ ঘটনাই প্রমাণ কৰিছে যে ৰাজ্যৰ বিৰোধী ৰাজনীতি কিদৰে চলিছে৷ শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ব্যক্ত কৰিছে যে বিৰোধী পক্ষৰ আৰু দুজন বিধায়কে বিজেপিত যোগদানৰ বাবে কথা–বতৰা পাতিছে৷ স্বাভাৱিকতে প্রশ্ণ হয়– দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখন সংখ্যাৰ দিশৰ পৰা সম্পূর্ণ সুৰক্ষিত হৈ আছে৷ ১২৬জনীয়া অসম বিধানসভাত চৰকাৰ গঠনৰ বাবে ৬৪গৰাকী বিধায়কৰ প্রয়োজন৷ সম্প্রতি বিজেপিৰ ৬২জন বিধায়ক আছে৷ সহযোগী অসম গণ পৰিষদৰ ৯জন আৰু ইউপিপিএলৰ ৭জন বিধায়কক লৈ সম্পূর্ণ নিৰাপদ হৈ থকা সত্ত্বেও বিজেপিয়ে কিয় বিৰোধী বিধায়কসকলক নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছে? ইয়াৰ অর্থ এটাই হ’ব পাৰে ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ ভেটি উৎখাত কৰি বিজেপিয়ে নিজে শক্তিধৰ হৈ উঠাৰ পৰিকল্পনা লৈছে৷ ২০২৬ৰ বিধানসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতা দখলৰ বাবে বিজেপিয়ে এতিয়াৰ পৰাই যে পৰিকল্পনা লৈছে সেয়া লাহে লাহে স্পষ্ট হ’বলৈ ধৰিছে৷ কিন্তু বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে বিকল্প ৰাজনীতিৰ এখন প্রতিচ্ছবি অসমৰ ৰাইজক দাঙি ধৰিব পাৰিছেনে? ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ চমকপ্রদ উত্থান সত্ত্বেও বিৰোধী ৰাজনৈতিক দলসমূহ এতিয়াও বহুধাবিভক্ত হৈ আছে৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰাজিক লৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ ভূমিকাত সর্বসাধাৰণ ৰাইজ সন্তুষ্ট নহয়৷ নির্বাচন আহিলেই প্রার্থিত্বৰ অংকত বহুধাবিভক্ত হৈ পৰে বিৰোধী ৰাজনৈতিক দলসমূহ৷ ফলত এক নিশ্চিত বিকল্পৰ সন্ধান দিব নোৱাৰা বিৰোধী ৰাজনৈতিক দলসমূহৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰাটো তেনে স্বাভাৱিক কথা৷ শেহতীয়া বিধানসভা নির্বাচনত বিধ্বস্ত কংগ্রেছ দলৰ বিকল্প ৰূপে উজনি অসমত প্রতিষ্ঠা লাভ কৰিবলৈ চেষ্টা চলাই উজুটি খাইছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল৷ কংগ্রেছ আৰু এআইইউডিএফৰ মাজত মিত্রতা পৰিহাৰ কৰিও সফলতাৰ মুখ দেখা নাই দল দুটাই৷ মিত্রজোঁটৰ পৰা আঁতৰি আহিও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ অৱস্থা গোসাঁইগাঁৱৰ উপ–নির্বাচনত শোচনীয় হৈছে৷ এনে অৱস্থাত বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ আস্থা লাভ কৰিবলৈ সন্মুখত থকা দিনবোৰত নতুন ৰাজনৈতিক সমীকৰণৰ বাবে সাজু থাকিব লাগিব৷